May 31, 2025 1:23 PM

views 16

দক্ষিণ-পশ্চিম মৌচুমী বতাহৰ প্ৰভাৱত হোৱা ধাৰাষাৰ বৰষুণৰ বাবে উত্তৰ-পূৰ্বাঞ্চলৰ কেইবাখনো ৰাজ্যৰ স্বাভাৱিক জীৱনযাত্ৰা ব্যাহত

দক্ষিণ-পশ্চিম মৌচুমী বতাহৰ প্ৰভাৱত হোৱা ধাৰাষাৰ বৰষুণৰ বাবে উত্তৰ-পূৰ্বাঞ্চলৰ বিভিন্ন ৰাজ্যৰ স্বাভাৱিক জীৱনযাত্ৰা বাৰুকৈয়ে ব্যাহত হৈছে। অসমত নেৰা-নেপেৰাকৈ হোৱা ধাৰাষাৰ বৰষুণ আৰু বতাহৰ বাবে স্বাভাৱিক জীৱন যাত্ৰা বিঘ্নিত হৈছে। গুৱাহাটীত কালি ভালেমান অংশ জলমগ্ন হৈ পৰে আৰু জনসাধাৰণৰ দৈনন্দিন জীৱন স্তব্ধ হৈ পৰে। ৰাজ্যখনৰ মাজেৰে বৈ যোৱা ব্ৰহ্মপুত্ৰ আৰু ঘাই ঘাই নৈসমূহৰ জলস্তৰ ক্ৰমাৎ বৃদ্ধি পাইছে আৰু ৰাজ্যৰ বিভিন্ন স্থানত নৈসমূহৰ জলস্তৰ বিপদ সীমাৰ ওপৰেদি বৈ আছে। ৰাজ্যিক দুৰ্যোগ সঁহাৰি বাহিনীয়ে গুৱাহাটী...