January 27, 2025 12:31 PM

views 18

কেন্দ্ৰীয় চৰকাৰে কৃষকৰ সৱলীকৰণ আৰু সমৃদ্ধিৰ বাবে প্ৰয়োজনীয় সকলো ব্যৱস্থা গ্ৰহণ কৰিছেঃ শিৱৰাজ সিং চৌহান

কেন্দ্ৰীয় কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰী শিৱৰাজ সিং চৌহানে কৈছে যে কেন্দ্ৰীয় চৰকাৰে কৃষকৰ সৱলীকৰণ আৰু সমৃদ্ধিৰ বাবে প্ৰয়োজনীয় সকলো ব্যৱস্থা গ্ৰহণ কৰিছে। নতুন দিল্লীত ৭৬ সংখ্যক গণৰাজ্য দিৱস উপলক্ষে চৰকাৰে বিশেষভাৱে আমন্ত্ৰণ কৰি অনা কৃষকসকলৰ সৈতে মত বিনিময় কৰি তেওঁ এই মন্তব্য কৰে। কৃষি মন্ত্ৰীগৰাকীয়ে আধুনিক কৃষি কৌশলৰ গুৰুত্ব সন্দৰ্ভত আলোকপাত কৰি কয় যে কৃষকৰ সমস্যা সমাধানৰ বাবে আধুনিক প্ৰযুক্তিৰ সহায় লোৱা হৈছে। মন্ত্ৰীগৰাকীয়ে কৃষকৰ ফচল পোনপটিয়াকৈ গ্ৰাহকৰ কাষলৈ নিব পৰা ব্যৱস্থাৰ ওপৰত গুৰুত্...

January 8, 2025 8:59 PM

views 31

দুদিনীয়া অসম আৰু মেঘালয় ভ্রমণসূচীৰে গুৱাহাটীত উপস্থিত কেন্দ্ৰীয় মন্ত্ৰী শিৱৰাজ সিং চৌহান

কেন্দ্ৰীয় কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰী শিৱৰাজ সিং চৌহান দুদিনীয়া অসম আৰু মেঘালয় ভ্রমণসূচীৰে আজি গুৱাহাটীত উপস্থিত হয়। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে গুৱাহাটীত ৰাজ্যৰ কৃষিমন্ত্ৰী আৰু বিভাগীয় বিষয়াসকলৰ সৈতে এখন পর্যালোচনা বৈঠকত অংশগ্ৰহণ কৰিব। মন্ত্ৰী শ্ৰীচৌহানে মেঘালয়ৰ উমিয়ামত ভাৰতীয় কৃষি গৱেষণা পৰিষদৰ আঞ্চলিক কেন্দ্ৰৰ সোণালী জয়ন্তী সমাৰোহতো উপস্থিত থাকিব। এই সমাৰোহত ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুও উপস্থিত থকাৰ কথা। কেন্দ্ৰীয় কৃষিমন্ত্ৰীগৰাকীয়ে এই ভ্ৰমণকালত প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধী...

December 18, 2024 2:11 PM

views 25

চৰকাৰে আন্তঃগাঁথনি উন্নয়ন, অর্থনৈতিক বিকাশ আৰু কৃষিৰ লগতে সাংস্কৃতিক বিকাশ আৰু সম্প্ৰীতিৰ ওপৰত বিশেষ গুৰুত্ব আৰোপ কৰিছেঃ জি কিষান ৰেড্ডী

চৰকাৰে আন্তঃগাঁথনি উন্নয়ন, অর্থনৈতিক বিকাশ আৰু কৃষিৰ লগতে সাংস্কৃতিক বিকাশ আৰু সম্প্ৰীতিৰ ওপৰত বিশেষ গুৰুত্ব আৰোপ কৰিছে বুলি কেন্দ্ৰীয় মন্ত্রী জি কিষান ৰেড্ডীয়ে প্ৰকাশ কৰিছে। আজি পুৱা নতুন দিল্লীত সংবাদ মাধ্যমৰ আগত মন্ত্ৰীগৰাকীয়ে কয় যে দেশৰ ভাষাসমূহ ৰাষ্ট্ৰীয় ঐক্য আৰু সাংস্কৃতিক ইতিহাসৰ এক গুৰুত্বপূৰ্ণ ভেঁটিস্বৰূপ। ভাৰতৰ ঐতিহাসিক বৈচিত্ৰ্যৰ বিষয়ে উল্লেখ কৰি শ্ৰী ৰেড্ডীয়ে কয় যে ভাৰতত ১২১টা বিশিষ্ট ভাষা আৰু প্রায় ১,৬০০টা উপভাষা আছে। তেওঁ লগতে কয় যে ভাষাসমূহ কেৱল যোগাযোগৰ মাধ্যমেই নহয় ব...

December 14, 2024 10:55 AM

views 21

২০১৪ চনৰ পৰা দেশৰ আভ্যন্তৰীন জলপথ খণ্ড পুনৰ উজ্জীৱীতকৰণৰ অগ্ৰগতিৰ সবিশেষ প্ৰকাশ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ

কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহন আৰু জলপথ মন্ত্রী সর্বানন্দ সোণোৱালে সংসদৰ চলিত শীতকালীন অধিৱেশনত ২০১৪ চনৰ পৰা দেশৰ আভ্যন্তৰীন জলপথ খণ্ড পুনৰ উজ্জীৱীতকৰণৰ ক্ষেত্ৰত হোৱা অগ্ৰগতিৰ সবিশেষ প্ৰকাশ কৰে। কেন্দ্ৰীয় চৰকাৰে আভ্যন্তৰীণ জলপথক মালবাহী তথা যাত্রী চলাচলৰ অনুকূল আৰু বিকল্প পথ হিচাপে গঢ়ি তুলিবলৈ অহোপুৰুষাৰ্থ কৰি আহিছে। এই লক্ষ্যৰে কেন্দ্ৰই ছহেজাৰ কোটি টকাৰো অধিক পুঁজি ব্যয় কৰিছে। মন্ত্ৰী সৰ্বানন্দ সোণোৱালে সংসদত জলপথ সন্দৰ্ভত এটা প্ৰশ্নৰ উত্তৰত কয়, যে ২০১৪ চনলৈকে দেশত মাত্ৰ ৫টাহে ৰাষ্ট্ৰীয় জল...

December 10, 2024 8:57 PM

views 25

ৰাজ্যসমূহৰ পৰা কৃষি সম্পৰ্কীয় গুৰুত্বপূৰ্ণ তথ্য আহৰণ কৰাৰ বাবে ব্যাপক সহযোগিতাৰ ব্যৱস্থা কৰা হৈছেঃ কেন্দ্ৰীয় মন্ত্ৰী শিৱৰাজ সিং চৌহান

কেন্দ্ৰীয় চৰকাৰে শস্য, বতৰ আৰু পানীৰ তথ্য সংগ্ৰহৰ উদ্দেশ্যে ২,৮১৭ কোটি টকা ব্যয়েৰে কেন্দ্ৰীয় মন্ত্রীসভাই ডিজিটেল কৃষি অভিযানৰ প্ৰস্তাৱত অনুমোদন দিয়া বুলি প্ৰকাশ কৰিছে। লোকসভাত আজি এটা লিখিত উত্তৰত কেন্দ্ৰীয় কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰী শিৱৰাজ সিং চৌহানে এই কথা প্ৰকাশ কৰে। তেওঁ কয়, যে ৰাজ্যসমূহৰ পৰা কৃষি সম্পৰ্কীয় গুৰুত্বপূৰ্ণ তথ্য আহৰণ কৰাৰ বাবে ব্যাপক সহযোগিতাৰ ব্যৱস্থা কৰা হৈছে। তেওঁ লগতে কয়, যে মোদী চৰকাৰৰ তৃতীয় কাৰ্য্যকালৰ ১০০ দিনৰ ভিতৰত খেতিয়কসকলৰ বাবে ভালেমান উল্লেখনীয় পদক্ষেপ ল...

December 9, 2024 1:49 PM

views 19

ভাৰত আৰু নৰৱেৰ মাজত ষ্টার্টআপ সেঁতু মুকলি কৰাৰ বাবে প্ৰস্তাৱ কেন্দ্ৰীয় মন্ত্রী পীয়ুষ গোৱেলৰ

কেন্দ্ৰীয় বাণিজ্য আৰু উদ্যোগ মন্ত্রী পীয়ুষ গোৱেলে ভাৰত আৰু নৰৱেৰ মাজত ষ্টার্টআপ সেঁতু মুকলি কৰাৰ বাবে প্ৰস্তাৱ আগবঢ়াইছে। দুয়োখন দেশে ব্যৱসায়িক সম্পর্ক শক্তিশালী কৰাৰ বিভিন্ন উপায় সন্দৰ্ভত আলোচনা অব্যাহত ৰখাৰ পৰিপ্ৰেক্ষতিত তেওঁ এই প্ৰস্তাৱ আগবঢ়ায়। শ্রীগোৱেলে উভয় দেশৰ মাজত দ্বিপাক্ষিক ব্যৱসায় আৰু বিনিয়োগ বৃদ্ধিৰ উদ্দেশ্য সংশ্লিষ্ট মন্ত্ৰ্যালয়সমূহৰ সৈতে সহযোগিতাৰে এই ক্ষেত্ৰত দেখা দিয়া সমস্যাসমূহ সমূহীয়াভাৱে দূৰ কৰাৰ ক্ষেত্ৰত নিজৰ প্ৰতিশ্ৰুতিবদ্ধতা প্ৰকাশ কৰিছে। ভাৰতীয় উদ্যোগ মহাসংঘ ...

December 7, 2024 8:47 PM

views 25

৩দিনীয়া ভ্ৰমণসূচীৰে কাইলৈ ৰাছিয়াত উপস্থিত হ’ব প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং

প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং তিনিদিনীয়া চৰকাৰী ভ্ৰমণসূচীৰে কাইলৈ ৰাছিয়াত উপস্থিত হ'ব। এই ভ্ৰমণকালত তেওঁ ৰাছিয়াৰ প্ৰতিৰক্ষা মন্ত্ৰী আন্দ্ৰে বেলোছ'ভৰ সৈতে মস্কোত যুটীয়াভাৱে সামৰিক আৰু সামৰিক প্ৰযুক্তি সহযোগিতা সম্বন্ধীয় ২১ সংখ্যক ভাৰত-ৰাছিয়া আন্তঃচৰকাৰ আয়োগৰ বৈঠকত সভাপতিত্ব কৰিব। মন্ত্ৰী দুগৰাকীয়ে সামৰিক আৰু ঔদ্যোগিক সহযোগিতাৰ ক্ষেত্ৰত দেশ দুখনৰ মাজত থকা বহুমুখী সম্পৰ্কৰ পৰ্যালোচনা কৰিব। পাৰস্পৰিক স্বার্থজড়িত সমসাময়িক আঞ্চলিক আৰু বিশ্বত চলি থকা বিষয়সমূহৰ সন্দৰ্ভতো আলোচনা কৰিব। ভ্রমণসূচ...

December 6, 2024 12:53 PM

views 17

অনাগত সময়ত উত্তৰ-পূব ভাৰত দক্ষিণ-পূব এছিয়াৰ উন্নয়নৰ কেন্দ্ৰ হোৱাৰ সম্ভাৱনা আছেঃ সৰ্বানন্দ সোণোৱাল

বন্দৰ, জাহাজ আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে আজি কয়, যে অনাগত সময়ত উত্তৰ-পূব ভাৰত দক্ষিণ-পূব এছিয়াৰ উন্নয়নৰ কেন্দ্ৰ হোৱাৰ সম্ভাৱনা আছে। উত্তৰ-পূৰ্বাঞ্চলক সৱলীকৰণ- পৰিৱৰ্তনশীল দশকৰ দিশত আত্মনিৰ্ভৰ ভাৰত- বিষয়ক এখন সংবাদমেল সম্বোধন কৰি শ্ৰী সোণোৱালে কয়, যে চৰকাৰৰ এক্টইষ্ট নীতি কার্যকৰী কৰাৰ ক্ষেত্ৰত উত্তৰ-পূব ভাৰতৰ এটা মুখ্য ভূমিকা আছে। চৰকাৰে তৃণমূল পৰ্যায়ত গ্ৰহণ কৰা পদক্ষেপৰ বিষয়ে উল্লেখ কৰি মন্ত্ৰীগৰাকীয়ে কয়, যে বিগত ১০ বছৰত প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৬০ বাতকৈও বেছি উত্তৰ-পূৰ্ব...

October 14, 2024 8:05 PM

views 15

সর্বানন্দ সোণোৱালৰ অধ্যক্ষতাত অসম অলিম্পিক সন্থাৰ নৱনিৰ্বাচিত কাৰ্যনিৰ্বাহকৰ প্ৰথমখন বৈঠক

কেন্দ্রীয় মন্ত্রী তথা অসম অলিম্পিক সন্থাৰ সভাপতি সৰ্বানন্দ সোণোৱালৰ অধ্যক্ষতাত আজি গুৱাহাটীৰ অসম প্ৰশাসনীয় পদাধিকাৰী মহাবিদ্যালয়ত অসম অলিম্পিক সন্থাৰ নৱগঠিত কাৰ্যনিৰ্বাহক পৰিষদৰ প্ৰথমখন বৈঠক অনুষ্ঠিত হয়। এই বৈঠকত অনাগত সময়ত ৰাজ্যখনত ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ খেলসমূহত প্রতিনিধিত্ব কৰিব পৰাকৈ অধিকসংখ্যক ক্রীড়া প্রতিভা পোহৰলৈ অনাৰ বাবে এটা কাৰ্যকৰী গোট গঠনৰ সিদ্ধান্ত লোৱা হয়। ক্রীড়া বিশেষজ্ঞ আৰু প্ৰবীন খেলুৱৈসকলক লৈ এই গোটটো গঠন কৰা হ'ব বুলি শ্রী সোণোৱালে প্ৰকাশ কৰে। তদুপৰি অনাগত ...

October 14, 2024 7:39 PM

views 22

দেশজুৰি ইথানল জৈৱ ইন্ধনৰ ৪০০ টা পাম স্থাপনৰ কথা প্ৰকাশ মন্ত্ৰী নীতিন গাডকাৰীৰ

কেন্দ্ৰীয় পথ পৰিবহন আৰু ঘাইপথ মন্ত্ৰী নীতিন গাডকাৰীয়ে দেশজুৰি ইথানল জৈৱ ইন্ধনৰ ৪০০ টা পাম স্থাপন কৰা হৈছে বুলি আজি প্ৰকাশ কৰিছে। নতুন দিল্লীত ভাৰতীয় উদ্যোগ সংঘই আয়োজন কৰা জৈৱ শক্তি শীর্ষ সন্মিলন ২০২৪ ত অংশগ্ৰহণ কৰি তেওঁ এই কথা প্ৰকাশ কৰে। সন্মিলনত সমবেত লোকসকলক সম্বোধন কৰি তেঁও কয় যে, চৰকাৰে ৩টা পৃথক মটৰগাড়ীৰ সংস্থাৰ জৰিয়তে ফ্লেক্স ইঞ্জিন বাহন মুকলি কৰাৰ পৰিকল্পনা কৰিছে। মন্ত্ৰীগৰাকীয়ে আৱৰ্জনাক চি এন জি, ইথানল, মিথেন তথা অন্যান্য জৈৱ ইন্ধনসমূহলৈ ৰূপান্তৰ কৰাৰ গুৰুত্ব সন্দৰ্ভত আলোকপাত কৰে...