December 3, 2025 11:12 AM

views 27

২০২৬ বৰ্ষৰ এপ্ৰিল মাহৰ পৰা সমগ্ৰ দেশজুৰি লোকপিয়ল কৰা হ’ব

অহা বছৰৰ এপ্ৰিলৰ পৰা সমগ্ৰ দেশজুৰি লোকপিয়ল কৰা হ'ব। ১২ খন ৰাজ্যত ভোটাৰ তালিকাৰ বিশেষ পুংখানুপুংখ সংশোধনৰ পাছতে এই কাম আৰম্ভ কৰা হ'ব। কালি লোকসভাৰ বিৰোধী দলপতি ৰাহুল গান্ধীৰ প্ৰশ্নৰ উত্তৰত গৃহ ৰাজ্য মন্ত্ৰী নিত্যানন্দ ৰায়ে এই বিষয়ে প্ৰকাশ কৰে। তেওঁ কয়, যে ২০২৬ চনৰ এপ্ৰিলৰ পৰা ছেপ্তেম্বৰলৈ প্ৰথম পৰ্যায় আৰু ২০২৭ চনৰ ফেব্ৰুৱাৰীত দ্বিতীয় পৰ্যায়ৰ লোকপিয়ল কৰা হ'ব। লোকপিয়লৰ ভিত্তি তাৰিখ ২০২৭ চনৰ ১ মাৰ্চৰ মাজনিশা নিৰ্ধাৰণ কৰা হ'ব

June 16, 2025 6:57 PM

views 24

পৰৱৰ্তী লোকপিয়লৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ অধিসূচনা জাৰি

কেন্দ্ৰীয় চৰকাৰে পৰৱৰ্তী লোকপিয়লৰ বাবে আজি অধিসূচনা জাৰি কৰিছে। গৃহ মন্ত্ৰ্যালয়ৰ পৰা জাৰি কৰা এই অধিসূচনা অনুসৰি ২০২৭ বৰ্ষৰ ১ মাৰ্চৰ দিনটো এই লোকপিয়লৰ ভিত্তি তাৰিখ হিচাপে ধাৰ্য কৰা হৈছে। অৱশ্যে কেন্দ্ৰীয় শাসিত অঞ্চল লাডাখ আৰু জম্মু-কাশ্মীৰৰ বৰফাবৃত্ত এলেকাসমূহৰ লগতে হিমাচল প্ৰদেশ আৰু উত্তৰাখণ্ডৰ বাবে এই ভিত্তি তাৰিখ হ’ব ২০২৬ চনৰ ১ অক্টোবৰ৷

June 4, 2025 8:01 PM

views 25

২০২৭ চনৰ ১ মাৰ্চক ভিত্তি-তাৰিখ হিচাপে লৈ জাতি-ভিত্তিক লোকপিয়লৰ সিদ্ধান্ত কেন্দ্ৰৰ

কেন্দ্ৰীয় চৰকাৰে ২০২৭ চনৰ মাৰ্চক ভিত্তি-তাৰিখ হিচাপে লৈ সমগ্ৰ দেশতে জাতি-ভিত্তিক লোকপিয়ল কৰাৰ সিদ্ধান্ত লৈছে। কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ৰ সূত্ৰই আজি নতুন দিল্লীত প্ৰকাশ কৰা অনুসৰি লাডাখ, জম্মু আৰু কাশ্মীৰ, হিমাচল প্ৰদেশ আৰু উত্তৰাখণ্ডৰ তুষাৰপাত হোৱা অঞ্চলসমূহত ইয়াৰ বাবে ২০২৬ চনৰ ১ অক্টোবৰক ভিত্তি-তাৰিখ হিচাপে লোৱা হ'ব। জাতি-ভিত্তিক লোকপিয়লৰ বাবে অহা ১৬ জুনত আনুষ্ঠানিক অধিসূচনা জাৰি কৰাৰ সম্ভাৱনা আছে। উল্লেখযোগ্য যে, দেশত ২০১১ চনত অনুষ্ঠিত শেহতীয়া লোকপিয়ল দুটা পৰ্যায়ত অনুষ্ঠিত হৈছিল। ইয়াৰ...