November 27, 2024 7:14 PM

views 12

ইজৰাইল চৰকাৰে হিজবুল্লাৰ সৈতে ঘোষণা কৰা যুদ্ধবিৰতি চুক্তি লেবাননত কাৰ্যকৰী

ইজৰাইল চৰকাৰে হিজবুল্লাৰ সৈতে ঘোষণা কৰা যুদ্ধবিৰতি চুক্তি লেবাননত কাৰ্যকৰী হৈছে। উভয় পক্ষৰ মাজত সম্পাদিত এই চুক্তিৰ বিষয়ে ইজৰাইলৰ প্ৰধানমন্ত্রী বেঞ্জামিন নেটান্যাহুৰ কাৰ্যালয়ে যোৱানিশা সদৰি কৰে। আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু ফ্ৰান্সৰ মধ্যস্থতাত সম্পাদিত এই চুক্তিৰ ফলত লেবাননত শেহতীয়াকৈ প্ৰায় ৩ হাজাৰ ৮০০ গৰাকী লোকৰ প্ৰাণ হানি ঘটোৱা আৰু প্ৰায় ১৬ হাজাৰ গৰাকী লোক আহত হোৱা যুদ্ধখনৰ অৱসান ঘটিব বুলি আশা কৰা হৈছে। চুক্তিখনৰ চৰ্ত অনুসৰি ইজৰাইলী আৰু হিজবুল্লা পক্ষই পৰৱৰ্তী ৬০ দিনৰ ভিতৰত দক্ষিণ লেবাননৰ পৰ...