May 13, 2025 9:28 PM
12
চিবিএচইৰ দ্বাদশ আৰু দশম শ্ৰেণীত উত্তীর্ণ ছাত্র-ছাত্রীসকলক প্ৰধানমন্ত্ৰী মোদীৰ অভিনন্দন
প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কেন্দ্রীয় মাধ্যমিক শিক্ষা পৰিষদে (চিবিএচই) আজি ঘোষণা কৰা চলিত বৰ্ষৰ দ্বাদশ আৰু দশম শ্ৰেণীত উত্তীর্ণ ছাত্র-ছাত্রীসকলক অভিনন্দন জনাইছে। সামাজিক মাধ্যমযোগে দিয়া এটা পোষ্টত তেওঁ কয়, যে এই ফলাফল ছাত্র-ছাত্ৰীসকলৰ সংকল্প, অনুশাসন আৰু কঠোৰ শ্ৰমৰ প্ৰতিফলন। তেওঁ এই কৃতিত্বত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰা অভিভাৱক আৰু শিক্ষক, শিক্ষয়িত্রীসকলকো প্রশংসা কৰে। আনহাতে, যিসকল ছাত্ৰ-ছাত্ৰীয়ে তেঁওলোকৰ ফলাফলক লৈ হতাশ হৈছে তেওঁলোকক প্ৰধানমন্ত্রীয়ে এই ফলাফলে একোজন ব্যক্তিক চিহ্নিত নকৰ...