February 17, 2025 8:36 PM

views 27

দশম আৰু দ্বাদশ শ্ৰেণীৰ পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিল সন্দৰ্ভত সামাজিক মাধ্যমত প্ৰচাৰিত অভিযোগ খণ্ডন কেন্দ্ৰীয় মাধ্যমিক শিক্ষা পৰিষদৰ

কেন্দ্ৰীয় মাধ্যমিক শিক্ষা পৰিষদে চলিত বৰ্ষৰ দশম আৰু দ্বাদশ শ্ৰেণীৰ পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিল হোৱা সন্দৰ্ভত সামাজিক মাধ্যমত প্ৰচাৰিত অভিযোগ খণ্ডন কৰিছে৷ একাংশ লোকে অসৎ উদ্দেশ্যৰে প্ৰশ্নকাকত ফাদিল হোৱা সন্দৰ্ভত উৰাবাতৰি প্ৰচাৰ কৰি থকা বুলি পৰিষদে প্ৰকাশ কৰিছে। এই অভিযোগ সমূহ ভিত্তিহীন আৰু ইয়াৰ উদ্দেশ্য পৰীক্ষাৰ্থী তথা তেওঁলোকৰ অভিভাৱকসকলৰ মনত ভয় আৰু উৎকণ্ঠা সৃষ্টিৰ উদ্দেশ্যেৰে এইধৰণৰ উৰাবাতৰি প্ৰচাৰ কৰা হৈছে বুলি পৰিষদে মন্তব্য কৰে। পৰিষদৰ বিষয়ববীয়াই পৰীক্ষাৰ সৈতে জড়িত সকলো ব্যৱস্থাৰ অহৰহ পৰ...

November 22, 2024 8:24 PM

views 23

একমাত্র কন্যা শিশুৰ মেধা বৃত্তি আঁচনিৰ বাবে অনলাইন আবেদন কৰিবলৈ আহ্বান কেন্দ্ৰীয় মাধ্যমিক শিক্ষা পৰিষদৰ

কেন্দ্ৰীয় মাধ্যমিক শিক্ষা পৰিষদে কোনো পৰিয়ালৰ একমাত্র কন্যা শিশুৰ মেধা বৃত্তি আঁচনিৰ বাবে যোগ্য শিক্ষার্থীক অনলাইন আবেদন কৰিবলৈ আহ্বান জনাইছে। শিক্ষা পৰিষদে জনোৱা অনুসৰি ২০২৪ চনত চি বি এছ ইৰ পৰা দশম শ্ৰেণীত উত্তীৰ্ণ হৈ চি বি এছ ইৰ অন্তর্গত বিদ্যালয়ত একাদশ শ্ৰেণীত অধ্যয়ন কৰি থকা কোনো পৰিয়ালৰ একমাত্ৰ ছাত্ৰীয়ে এই বৃত্তি আঁচনিৰ বাবে আবেদন কৰিব পাৰিব । লগতে ২০২৩ চনত প্ৰদান কৰা মেধা বৃত্তি আঁচনিৰ নবীকৰণৰ বাবেও অনলাইন আবেদন কৰিবলৈ আহ্বান জনাইছে। আবেদন দাখিলৰ শেষ তাৰিখ অহা ২৩ ডিচেম্বৰ ধাৰ্য কৰা হৈ...

May 13, 2024 6:59 PM

views 19

চি বি এছ ইৰ দশম আৰু দ্বাদশ শ্ৰেণীৰ চূড়ান্ত পৰীক্ষাৰ ফলাফল ঘোষণা

কেন্দ্ৰীয় মাধ্যমিক শিক্ষা পৰিষদ- চি বি এছ ইয়ে দশম আৰু দ্বাদশ শ্ৰেণীৰ চূড়ান্ত পৰীক্ষাৰ ফলাফল ঘোষণা কৰিছে। চি বি এছ ইয়ে প্ৰকাশ কৰা তথ্য অনুসৰি দশম শ্ৰেণীৰ পৰীক্ষাৰ উত্তীৰ্ণৰ হাৰ ৯৩ দশমিক ৬-০ শতাংশ। ছাত্ৰীৰ উত্তীৰ্ণৰ হাৰ ৯৪ দশমিক ৭-৫ শতাংশ হোৱাৰ বিপৰীতে ছাত্ৰৰ উত্তীৰ্ণ হাৰ ৯২ দশমিক ৭–১ শতাংশ। চি বি এছ ইৰ দশম শ্ৰেণীৰ ফলাফলত উত্তীৰ্ণ হাৰ বিগত বৰ্ষতকৈ শূন্য দশমিক ৪-৮ শতাংশ বৃদ্ধি পাইছে। আনহাতে দ্বাদশ শ্ৰেণীৰ চূড়ান্ত পৰীক্ষাৰ উত্তীৰ্ণৰ হাৰ ৮৭ দশমিক ৯-৮ শতাংশ। এই হাৰ যোৱা বছৰতকৈ দশমিক ৬-৫ শতাংশ বৃদ্...