October 8, 2024 7:34 PM

views 28

কলকাতাৰ আৰ জি কৰ চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ জ্যেষ্ঠ শিক্ষক-শিক্ষয়িত্ৰীৰ সমূহীয়াভাৱে পদত্যাগ

পশ্চিমবংগৰ কলকাতাৰ আৰ জি কৰ চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ জ্যেষ্ঠ শিক্ষক-শিক্ষয়িত্ৰীসকলে আজি সমূহীয়াভাৱে পদ ত্যাগ কৰে। তেওঁলোকে যোৱা আগষ্টত মহাবিদ্যালয়খনৰ এগৰাকী চিকিৎসকৰ ধৰ্ষণ আৰু হত্যাৰ বিৰুদ্ধে প্ৰতিবাদৰত কণিষ্ঠ চিকিৎসকসকলৰ প্ৰতি সমর্থন প্রকাশ কৰি এই পদক্ষেপ গ্ৰহণ কৰিছে৷ ইপিনে, ৰাজ্যখনৰ মুখ্য সচিব মনোজ পণ্টে চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়সমূহৰ প্ৰতিনিধিবর্গৰ সৈতে এখন বৈঠকত মিলিত হৈছে। বৈঠকত পশ্চিমবংগৰ স্বাস্থ্য সচিব উপস্থিত আছে।

August 26, 2024 9:06 PM

views 22

কলকাতাৰ আৰ জি কৰ চিকিৎ‍সালয়ৰ বিত্তীয় অনিয়ম সন্দৰ্ভত চিবিআইৰ অনুসন্ধান অব্যাহত

কেন্দ্রীয় অনুসন্ধান সংস্থা চি বি আয়ে কলকাতাৰ আৰ জি কৰ চিকিৎ‍সালয়ৰ বিত্তীয় অনিয়ম সন্দৰ্ভত অনুসন্ধান অব্যাহত ৰাখিছে। সংস্থাটোৱে চহৰখনৰ বিভিন্ন প্ৰান্তত এই সনন্দৰ্ভত অনুসন্ধান বাহাল ৰখাৰ লগতে আৰ জি কৰ চিকিৎসা মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ সন্দীপ ঘোষ আৰু ফৰেনছিক বিভাগৰ দেৱাশিষ সোমকে ধৰি কেইবাগৰাকীও লোকক জেৰা কৰি আছে। চি বি আইয়ে এই সন্দৰ্ভত কালি ১৫টা স্থানত অনুসন্ধান চলায়। ইপিনে পশ্চিমবংগৰ সকলো চৰকাৰী চিকিৎসা মহাবিদ্যালয় তথা চৰকাৰী চিকিৎসা প্ৰতিষ্ঠানত কনিষ্ঠ চিকিৎসকসকলে প্রতিবাদ অব্যাহত ৰাখি...