October 8, 2024 6:54 PM October 8, 2024 6:54 PM

views 4

অনলাইন ট্রেডিং প্রবঞ্চনাৰ গোচৰসমূহ চি বি আইক অৰ্পণ

কেন্দ্ৰীয় অনুসন্ধানকাৰী সংস্থা চমুকৈ চি বি আইক অনলাইন ট্রেডিং প্রবঞ্চনাৰ গোচৰ অৰ্পন কৰা হৈছে। ৰাজ্যৰ বিভিন্ন থানাত পঞ্জীয়নভুক্ত অনলাইন ব্যৱসায়ৰ সৈতে জড়িত ৪১ টা গোচৰ চি বি আইলৈ হস্তান্তৰ কৰা হৈছে বুলি মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই সামাজিক মাধ্যমৰ এটা বাৰ্তাযোগে প্ৰকাশ কৰিছে। উল্লেখযোগ্য যে, যোৱা ১৩ ছেপ্তেম্বৰত অনুষ্ঠিত ৰাজ্যিক কেবিনেটৰ অনুমোদন অনুসৰি অসম চৰকাৰে কেন্দ্ৰীয় চৰকাৰলৈ এই সন্দৰ্ভচ পত্ৰ প্ৰেৰণ কৰিছিল। ৰাজ্য চৰকাৰৰ আহ্বান মৰ্মে কেন্দ্ৰীয় চৰকাৰে পুলিচ এষ্টাছিমেণ্ট এক্ট ১৯৪৬ চৰ তিন...