October 15, 2025 9:20 PM

views 10

ৰাষ্ট্ৰীয় ঘাইপথ আৰু আন্তঃগাঁথনি উন্নয়ন নিগম লিমিটেডৰ গুৱাহাটীৰ আঞ্চলিক কাৰ্যালয়ত কাৰ্যবাহী সঞ্চালক মাইছনাম ৰীতেন কুমাৰ সিঙক গ্ৰেপ্তাৰ

কেন্দ্ৰীয় অনুসন্ধানকাৰী সংস্থাই (চিবিআই) ৰাষ্ট্ৰীয় ঘাইপথ আৰু আন্তঃগাঁথনি উন্নয়ন নিগম লিমিটেডৰ গুৱাহাটীৰ আঞ্চলিক কাৰ্যালয়ত কাৰ্যবাহী সঞ্চালক মাইছনাম ৰীতেন কুমাৰ সিঙক উৎকোচ লোৱাৰ অভিযোগত গ্ৰেপ্তাৰ কৰিছে। চিবিআয়ে বিশেষ সূত্ৰৰ পম খেদি ৰুজু কৰা এটা গোচৰমৰ্মে সংস্থাটোৰ গুৱাহাটীৰ কাৰ্যালয়ত অভিযান চলাই ১০ লাখ টকা উৎকোচ গ্রহণ কৰি থকা অৱস্থাত বিষয়াজনৰ লগতে এটা ব্যক্তিগত কোম্পানীৰ এজন প্ৰতিনিধিক গ্ৰেপ্তাৰ কৰে। গ্রেপ্তাৰ কৰা দুয়োজন লোককে আজি গুৱাহাটীৰ চিবিআইৰ বিশেষ আদালতত হাজিৰ কৰা হয় ৷