November 2, 2025 12:22 PM
49
গায়ক, সুৰকাৰ জয় বৰুৱাৰ কান্ছ বিশ্ব চলচ্চিত্র মহোৎসৱৰ শ্ৰেষ্ঠ ছাউণ্ডট্রেক বঁটা লাভ
গায়ক, সুৰকাৰ জয় বৰুৱাই কান্ছ বিশ্ব চলচ্চিত্র মহোৎসৱৰ শ্ৰেষ্ঠ ছাউণ্ডট্রেক বঁটা লাভ কৰিছে। তেওঁৰ সৈতে ছিংগাপুৰৰ সংগীতজ্ঞ ছুজান লীম এই বঁটাৰ বাবে নিৰ্বাচিত হৈছে। জয় বৰুৱা আৰু ছুজান লীমে যুটীয়াভাবে ডি মেকিং অব ষ্টাৰ এমং দ্য কছমিক ক্লাউড: ফ্রম ছাউণ্ড এণ্ড টু ছিম্ফনী নামৰ তথ্য চিত্ৰখনৰ ষ্টাৰ এমং দ্য কছমিক ক্লাউড গীতৰ বাবে এই বঁটা লাভ কৰিছে। ছুজান লীমে ৰচনা কৰা এই গীতটো ধ্রুপদী আৰু ৰক দুয়োটা দুয়োটা শৈলীতে পৰিৱেশন কৰা হৈছে। ইয়াৰে ৰক সংগীতটো জয় বৰুৱাই গাইছে।