May 25, 2024 7:50 PM

views 34

৭৭ সংখ্যক কাঁ চলচ্চিত্ৰ মহোৎসৱত আন চার্টেইন ৰিগার্ড প্রাইজ শিতানত ভাৰতীয় অভিনেত্রী অনাসুয়া সেনগুপ্তালৈ শ্রেষ্ঠ অভিনেত্ৰী বঁটা

৭৭ সংখ্যক কাঁ চলচ্চিত্ৰ মহোৎসৱত আন চার্টেইন ৰিগার্ড প্রাইজ শিতানত ভাৰতীয় অভিনেত্রী অনাসুয়া সেনগুপ্তালৈ শ্রেষ্ঠ অভিনেত্ৰী বঁটা আগবঢ়োৱা হৈছে। তেওঁ দা শ্বেইমলেছ ছবিত অভিনয়ৰ বাবে শ্রেষ্ঠ অভিনেত্ৰীৰ বঁটা লাভ কৰে। অনাসুয়াই বুলগেৰিয়াৰ চলচ্চিত্র নির্মাতা কনষ্টেণ্টিন বোজানোভ পৰিচালিত ছবিখনত ৰেণুকাৰ চৰিত্ৰত অভিনয় কৰিছিল। আনহাতে শ্যাম বেনেগালৰ মন্থন ছবিখনে চলচ্চিত্ৰ মহোৎসৱত বিশেষ প্ৰদৰ্শনী লাভ কৰে।

May 20, 2024 8:43 PM

views 19

কাঁ চলচ্চিত্ৰ মহোৎসৱত পাৰ্থ সাৰথি মহন্ত পৰিচালিত চলচ্চিত্ৰ ‘লাচিত দা ৱাৰিয়ৰ’ প্ৰদৰ্শিত

কাঁ চলচ্চিত্ৰ মহোৎসৱত এইবাৰ অসমৰ পাৰ্থ সাৰথি মহন্ত পৰিচালিত লাচিত দা ৱাৰিয়ৰ নামৰ চলচ্চিত্ৰখন প্ৰদৰ্শিত হৈছে। ১৪ মে’ৰ পৰা চলি থকা এই মহোৎসৱৰ প্ৰতিযোগিতা শাখাৰ বাহিৰেও অন্যান্য শাখাসমূহত ভাৰতীয় চলচ্চিত্ৰ প্ৰদৰ্শিত হৈছে। যোৱা ১৮ মে’ত লাচিত দা ৱাৰিয়ৰ চলিচ্চিত্ৰখন বিশ্বৰ বিভিন্ন প্ৰান্তৰ চলচ্চিত্ৰ প্ৰেমীয়ে উপভোগ কৰে। পাৰ্থ সাৰথি মহন্তৰ কাহিনী আৰু পৰিচালনা আৰু মীনা মহন্ত তথা ইন্দ্ৰাণী বৰুৱাৰ প্ৰযোজনাৰে এই চলচ্চিত্ৰখন মহাবীৰ লাচিতৰ জীৱন আৰু কৰ্ম সন্দৰ্ভত নিৰ্মাণ কৰা হৈছে। চলচ্চিত্ৰখনত বীৰগৰাকীৰ নৈপ...

May 14, 2024 8:47 PM

views 25

ফ্ৰান্সত আজিৰে পৰা কাঁ চলচ্চিত্ৰ মহোৎসৱৰ ৭৭সংখ্যক সংস্কৰণ আৰম্ভ

ফ্ৰান্সত আজিৰে পৰা কাঁ চলচ্চিত্ৰ মহোৎসৱৰ ৭৭ সংখ্যক সংস্কৰণ অনুষ্ঠিত হৈছে। ১২ দিনীয়া কাৰ্যসূচীৰে আয়োজিত এইবাৰৰ কাঁ চলচ্চিত্ৰ মহোৎসৱত সাতখনকৈ ভাৰতীয় বোলছবি প্রদর্শিত হ'ব। এই বোলছবিকেইখন হৈছে ALL WE IMAGINE AS LIGHT, SANTOSH, SUNFLOWERS WERE THE FIRST ONES TO KNOW, MANTHAN, SISTER MID NIGHT, RETREAT, THE SHAME LESS। দেশে প্রথমবাৰৰ বাবে এই মহোৎসৱত ভাৰতপৰ্ব কাৰ্যসূচীৰ আয়োজন কৰিব। ভাৰতপর্বতে চলিত বৰ্ষৰ ২০ৰ পৰা ২৮ নৱেম্বৰলৈকে গোৱাত হ'বলগীয়া ৫৫সংখ্যক আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱ ২০২৪ৰ পোষ্টাৰ আ...