July 24, 2024 7:01 PM

views 12

কৰ্কট ৰোগৰ ঔষধক ব্যয়সাধ্য কৰাৰ লক্ষ্যৰে কেন্দ্ৰীয় বাজেটত তিনিবিধ দৰৱত সীমাশুল্ক ৰেহাইৰ প্ৰস্তাৱ

চৰকাৰে কৰ্কট ৰোগৰ ঔষধক ব্যয়সাধ্য কৰি তোলাৰ লক্ষ্যৰে এনে ঔষধৰ ক্ষেত্ৰত সীমাশুল্ক ৰেহাই দিয়াৰ ব্যৱস্থা কৰিছে। কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমনে কালি দাখিল কৰা ২০২৪-২৫ বৰ্ষৰ কেন্দ্ৰীয় বাজেটত কৰ্কট ৰোগৰ অতিৰিক্ত তিনিবিধ দৰৱৰ ক্ষেত্ৰত সীমাশুল্ক ৰেহাইৰ প্ৰস্তাৱ ঘোষণা কৰে। এই তিনিবিধ দৰৱ হ'ল স্তনৰ কৰ্কট ৰোগৰ বাবে ব্যৱহৃত ট্ৰেষ্টুজুমাব্‌ ডেৰুক্মটেকান, হাঁওফাঁওৰ কৰ্কট ৰোগৰ অছিমাৰ্টিনিব আৰু হাঁওফাঁও তথা পিত্তৰ কৰ্কট ৰোগৰ বাবে ব্যৱহৃত দুৰ্ভালুমাব। কেন্দ্রীয় স্বাস্থ্য মন্ত্র্যালয়ে প্ৰকাশ কৰা মতে...