April 28, 2024 7:24 PM

views 43

অসম কেন্সাৰ কেয়াৰ ফাউণ্ডেচনৰ তেজপুৰ কেন্দ্ৰৰ তৃতীয় বাৰ্ষিক প্ৰতিষ্ঠা দিৱস পালন

অসম চৰকাৰ আৰু টাটা ট্ৰাষ্টৰ যুটীয়া উদ্যোগত অসম কেন্সাৰ কেয়াৰ ফাউণ্ডেচনৰ পৰিচালনাত ৰাজ্যৰ ৭খন ঠাইৰ লগতে তেজপুৰত স্থাপন কৰা কেন্দ্ৰটোৱে আজি তৃতীয় বছৰত পদার্পণ কৰে। এই উপলক্ষে তেজপুৰ কেন্সাৰ চেণ্টাৰত অনুষ্ঠিত এখন সভাত কেন্দ্ৰটোৰ অধীক্ষক অৱসৰপ্ৰাপ্ত লেফটেনেন্ট কর্নেল ডাঃ সঞ্জীৱ হাজৰিকাই যোৱা দুটা বছৰত কেন্দ্ৰটোৱে গ্ৰহণ কৰা পদক্ষেপৰ বিষয়ে উল্লেখ কৰে। তেওঁ শোণিতপুৰ জিলাৰ লগতে নগাঁও, ওদালগুৰি, দৰং আৰু অৰুণাচল প্ৰদেশৰ ৫,৬৬৫ গৰাকী কৰ্কট ৰোগীয়ে কেন্দ্ৰটোত চিকিৎসাৰ বাবে নাম পঞ্জীয়ন কৰাৰ বিষয়ে প্ৰকাশ...