October 17, 2024 6:40 PM

views 22

ভাৰতে, দেশখনৰ বিৰুদ্ধে কানাডাই উত্থাপন কৰা অভিযোগৰ সমৰ্থনত কোনো ধৰণৰ তথ্য-প্রমাণ নাই বুলি দোহাৰিছে

ভাৰতে, দেশখনৰ বিৰুদ্ধে কানাডাই উত্থাপন কৰা অভিযোগৰ সমৰ্থনত কোনো ধৰণৰ তথ্য-প্রমাণ নাই বুলি দোহাৰিছে। কানাডাৰ প্ৰধানমন্ত্ৰী জাষ্টিন ট্রুডোৱে তদন্ত আয়োগৰ ওচৰত কৰা সাক্ষ্য দান সন্দৰ্ভত সংবাদ মাধ্যমে কৰা প্ৰশ্নৰ উত্তৰত বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ মুখপাত্ৰ ৰন্ধিৰ জয়ছৱালে কয় যে তেওঁৰ বক্তব্যই ভাৰতে ইমান দিনে কৈ অহা কথাকেই সত্য বুলি নিশ্চিত কৰিছে। খালিস্তানী সন্ত্রাসবাদী হৰদীপ সিং নিজ্জাৰৰ হত্যাৰ সৈতে ভাৰত জড়িত বুলি প্ৰাৰম্ভিক অৱস্থাত অভিযোগ কৰাৰ পাছত এই অভিযোগৰ সত্যতা সন্দৰ্ভত কানাডাৰ চৰকাৰৰ ওচৰত ...

October 17, 2024 11:05 AM

views 23

খালিস্তানী সন্ত্ৰাসবাদী হৰদীপ সিং নিজ্জ্বৰৰ হত্যাৰ সৈতে ভাৰত জড়িত থকাৰ অভিযোগৰ কোনো শক্তিশালী প্রমাণ নাছিল বুলি কানাডাৰ প্ৰধানমন্ত্রীৰ স্বীকাৰ

কানাডাৰ প্ৰধানমন্ত্রী জাষ্টিন ট্রুডোই প্ৰাৰম্ভিক অৱস্থাত ভাৰত খালিস্তানী সন্ত্ৰাসবাদী হৰদীপ সিং নিজ্জ্বৰৰ হত্যাৰ সৈতে জড়িত বুলি অভিযোগ উত্থাপন কৰাৰ সময়ত দেশখনৰ ওচৰত এই অভিযোগৰ সপক্ষে কোনো শক্তিশালী প্রমাণ নাছিল বুলি স্বীকাৰ কৰিছে। বিদেশী হস্তক্ষেপ তদন্তৰ সময়ত কানাডাৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে এই অভিযোগ শক্তিশালী প্ৰমাণৰ নহয় বৰং চোৰাংচোৱা তথ্যৰ ওপৰতহে আধাৰিত আছিল বুলি সদৰী কৰিছে।