November 17, 2024 11:18 AM

views 17

ঝাৰখণ্ড আৰু মহাৰাষ্ট্ৰ বিধানসভা নির্বাচনৰ বাবে কংগ্ৰেছ, বিজেপিকে ধৰি বিভিন্ন ৰাজনৈতিক দলৰ  প্ৰচাৰ অভিযান তীব্ৰতৰ

জ্যেষ্ঠ কংগ্ৰেছ নেতা তথা প্রাক্তন বিত্ত মন্ত্রী পি চিদাম্বৰমে মহাৰাষ্ট্ৰৰ অৰ্থনৈতিক পৰিস্থিতিক লৈ উদ্বেগ প্রকাশ কৰিছে। কালি মুম্বাইত এখন সংবাদমেলত ভাগ লৈ শ্ৰী চিদাম্বৰমে কর্মসংস্থাপনহীনতাক ৰাজ্যখনৰ আটাইতকৈ গুৰুতৰ বিষয় বুলি অভিহিত কৰে। ঝাৰখণ্ডতো দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ প্ৰচাৰ অভিযান ক্ৰমাৎ তীব্ৰতৰ হৈ উঠিছে। বিজেপিৰ জ্যেষ্ঠ নেতা তথা কেন্দ্রীয় মন্ত্রী অমিত শ্বাহে কালি ডুমকা, দেওঘৰ আৰু গিৰিডিহত নির্বাচনী সভাত ভাষণ দি হেমন্ত চোৰেন চৰকাৰে জনজাতীয় লোকসকলক অকল ভোট বেংক হিচাপে গণ্য কৰা বুলি অভিযোগ...