November 11, 2024 8:30 PM

views 14

ৰাজস্থানৰ ৭খন বিধানসভা আসনৰ বাবে উপ-নিৰ্বাচনৰ প্ৰচাৰ অভিযানৰ সামৰণি; ভোটদাতাৰ মন আকৰ্ষণৰ চেষ্টা ৰাজনৈতিক দলৰ নেতাৰ

ৰাজস্থানৰ ৭ খন বিধানসভা আসনৰ বাবে উপ-নিৰ্বাচনৰ প্ৰচাৰ অভিযানৰ আজি অন্তিম দিনা কংগ্ৰেছ বিজেপি আৰু অন্যান্য ৰাজনৈতিক দলৰ নেতাসকলে নিজ নিজ দলৰ প্ৰাৰ্থীৰ হৈ ভোটদাতা ৰাইজৰ মন আকৰ্ষণৰ বাবে আপ্রাণ চেষ্টা চলায়। মুখ্যমন্ত্রী ভজনলাল শৰ্মাই আজি বিজেপি প্ৰাৰ্থীৰ হৈ চৌৰাশী আৰু চলুম্ভৰত বিজয় সংকল্প বৈঠকত অংশগ্ৰহণ কৰে। বিজেপিৰ অন্যান্য জ্যেষ্ঠ নেতা আৰু ৰাজ্য চৰকাৰৰ মন্ত্ৰীসকলেও দলীয় প্ৰাৰ্থীৰ হৈ ঠায়ে ঠায়ে প্ৰচাৰ চলায়। বিৰোধী নেতা টীকাৰাম জুলিয়ে ৰামগড় বিধানসভা সমষ্টিৰ বিভিন্ন স্থানত কংগ্ৰেছৰ প্ৰাৰ্থীগৰা...