May 10, 2024 12:10 PM

views 19

লোকসভা নিৰ্বাচনৰ বাকী চাৰিটা পৰ্যায়ৰ বাবে বিভিন্ন ৰাজনৈতিক দলৰ নেতাৰ তীব্ৰ প্ৰচাৰ অভিযান

লোকসভা নিৰ্বাচনৰ বাকী চাৰিটা পৰ্যায়ৰ বাবে প্ৰচাৰ অভিযান ক্ৰমাৎ তীব্ৰতৰ হৈ উঠিছে। বিভিন্ন ৰাজনৈতিক দলৰ নেতৃবৰ্গই ভোটদাতাসকলৰ মন জয় কৰাৰ বাবে দেশৰ বিভিন্ন প্ৰান্তত নিৰ্বাচনী সভা আৰু ৰোড শ্ব’ত অংশ লোৱা পৰিলক্ষিত হৈছে। বিজেপিৰ জ্যেষ্ঠ নেতা অমিত শ্বাহে কালি তেলেংগানাৰ ভোনগিৰ সংসদীয় সমষ্টিত প্ৰচাৰ চলায়। আনহাতে, কংগ্ৰেছৰ জ্যেষ্ঠ নেতা ৰাহুল গান্ধীয়ে কালি অন্ধ্ৰপ্ৰদেশৰ নৰ্সাপুৰ আৰু তেলেংগানাৰ ছৰুৰনগৰত নিৰ্বাচনী সভাক সম্বোধন কৰে। বিজেপিৰ জ্যেষ্ঠ নেতা তথা দলৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডাই কালি প্ৰচা...