May 23, 2024 12:38 PM May 23, 2024 12:38 PM
7
পশ্চিমবংগত ২০১০ চনৰ পাছৰ অন্যান্য পিছপৰা শ্ৰেণীৰ সকলো প্ৰমাণ-পত্র বাতিল
কলকাতা উচ্চ ন্যায়ালয়ে ২০১০ চনৰ পাছত পশ্চিমবংগ চৰকাৰে প্ৰদান কৰা অন্যান্য পিছপৰা শ্ৰেণীৰ সকলো প্ৰমাণ-পত্র বাতিল কৰিছে। ন্যায়াধীশ তপোব্রতা চক্ৰৱৰ্ত্তী আৰু ন্যায়াধীশ ৰাজশেখৰ মন্থাক লৈ গঠিত এখন খণ্ড বিচাৰপীঠে কালি এই ৰায় প্ৰদান কৰে। এই ন্যায়ৰ ফলত অন্যান্য পিছপৰা শ্ৰেণীৰ ৫ লাখ প্ৰমাণ-পত্র বাতিল হ'ব। ন্যায়ালয়ে লগতে এই প্রমাণ-পত্ৰ ইতিমধ্যে ব্যৱহাৰ কৰাসকলক এই ৰায়ে প্রভাৱিত নকৰে বুলি স্পষ্ট কৰি দিছে। এতিয়াৰে পৰা চৰকাৰী চাকৰিৰ বাবে আবেদন কৰিবলৈ কোনেও এই প্ৰমাণ-পত্ৰ ব্যৱহাৰ কৰিব নোৱাৰিব। খণ্ড বিচ...