November 21, 2024 5:57 PM

views 11

দেশৰ নতুন কন্ট্রোলাৰ এণ্ড অডিটৰ জেনেৰেল হিচাপে কে সঞ্জয় মূৰ্তিৰ শপত গ্ৰহণ

কে সঞ্জয় মূৰ্তিয়ে দেশৰ নতুন কন্ট্রোলাৰ এণ্ড অডিটৰ জেনেৰেল হিচাপে শপত গ্ৰহণ কৰিছে। ৰাষ্ট্ৰপতি দ্রৌপদী মুমুৱে আজি পুৱা ৰাষ্ট্ৰপতি ভৱনত শ্ৰীমূৰ্তিক কাৰ্যভাৰ গ্ৰহণ আৰু গোপনীয়তাৰ শপত বাক্য পাঠ কৰোৱায় । ইয়াৰ পূৰ্বে উচ্চ শিক্ষা বিভাগৰ সচিব ৰূপে কাৰ্যনিৰ্বাহ কৰা ভাৰতীয় প্ৰশাসনীয় সেৱাৰ জ্যেষ্ঠ বিষয়া মূৰ্তিক গিৰিজ চন্দ্ৰ মুৰ স্থলাভিষিক্ত কৰা হৈছে।