October 18, 2025 9:02 PM

views 13

কাছাৰৰ কালাইনত পুনৰ ১৮জন ৰোহিংগীয়া নাগৰিকক গ্ৰেপ্তাৰ

কাছাৰ জিলাৰ কালাইনত পুনৰ ১৮ জন ৰোহিংগীয়া নাগৰিকক গ্ৰেপ্তাৰ কৰা হৈছে। ধৃত লোকসকলৰ ভিতৰত মহিলা আৰু শিশু আছে। কালি স্থানীয় ৰাইজে এই লোকসকলক আটক কৰি আৰক্ষীক গটাই দিয়ে। আৰক্ষীৰ জেৰাত এই লোকসকলে ম্যানমাৰৰ বাসিন্দা আৰু দীৰ্ঘদিন ধৰি অবৈধভাৱে ভাৰতত বাস কৰি অহাৰ কথা স্বীকাৰ কৰে। হায়দৰাবাদৰ পৰা মধ্যভোগীৰ জৰিয়তে কালাইনলৈ অহা লোকসকলে বাংলাদেশলৈ যোৱাৰ চেষ্টা কৰিছিল যদিও সীমান্ত পাৰ হোৱাৰ আগতে তেওঁলোকক আটক কৰা হয়। আৰক্ষীয়ে ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে ।