December 17, 2025 1:00 PM December 17, 2025 1:00 PM

views 6

ভাৰত-বাংলাদেশ সীমান্ত অঞ্চলত ততালিকে কাৰ্যকৰী হোৱাকৈ কেতবোৰ নিষেধাজ্ঞা আৰোপ কাছাৰ জিলা প্রশাসনৰ

কাছাৰ জিলা প্রশাসনে জনসাধাৰণ সুৰক্ষা আৰু আইন-শৃংখলা বৰ্তাই ৰখাৰ উদ্দেশ্যে জিলাখনৰ ভাৰত-বাংলাদেশ সীমান্ত অঞ্চলত ততালিকে কাৰ্যকৰী হোৱাকৈ কেতবোৰ নিষেধাজ্ঞা আৰোপ কৰিছে। জিলাখনৰ আয়ুক্ত মৃদুল যাদৱে ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতাৰ ১৬৩ নম্বৰ ধাৰাৰ অধীনত এই নির্দেশ জাৰি কৰিছে। দুমাহলৈ বলবৎ হ'বলগীয়া এই নির্দেশ অনুসৰি সীমান্তৰ ১ কিলোমিটাৰ এলেকাত সূর্যাস্তৰ পৰা সুর্যোদয়লৈকে জনসাধাৰণৰ আহ-যাহ নিষিদ্ধ কৰা হৈছে। ইয়াৰ উপৰি বৰাক নদীৰ জলপথ আৰু নৈপৰীয়া অঞ্চলসমূহত চলাচল যাতায়ত আৰু মাছ ধৰাৰ ক্ষেত্ৰত কেতবোৰ বাধা-নিষেধ ...

November 27, 2025 8:07 PM November 27, 2025 8:07 PM

views 9

কাছাৰৰ পাঁচগ্ৰামত মিথানল উৎপাদনক্ষম বাঁহ উদ্যোগ স্থাপনৰ সিদ্ধান্ত

কাছাৰৰ পাঁচগ্ৰামত মিথানল উৎপাদনক্ষম বাঁহ উদ্যোগ স্থাপন কৰা হ'ব বুলি উদ্যোগ আৰু বাণিজ্য মন্ত্রী বিমল বৰাই আজি বিধানসভাত প্রকাশ কৰে। তেওঁ কয় যে কেষ্ট' পেট্র'কেমিকেলে বাঁহৰ পৰা মিথানল উৎপাদনৰ এই উদ্যোগ স্থাপন কৰিবলৈ আগ্রহ প্রকাশ কৰিছে। ইয়াৰ ফলত ৰাজ্যখনৰ বাঁহ অর্থনীতি পুনৰ ঠন ধৰি উঠিব আৰু কাগজ কল বন্ধ হোৱাৰ পাছত সংকটৰ সন্মুখীন হোৱা পাঁচগ্রামত পূৰ্বৰ দৰে ঔদ্যোগিক বাতাবৰণ গঢ়ি উঠিব বুলি মন্ত্ৰীগৰাকীয়ে আশা প্রকাশ কৰে।

October 14, 2025 7:59 PM October 14, 2025 7:59 PM

views 25

এনামুল হক লস্কৰক কাছাৰ জিলাৰ অতিৰিক্ত ছেছন ন্যায়াধীশৰ ২০ বছৰৰ কাৰাদণ্ডৰে দণ্ডিত

কাছাৰ জিলাৰ অতিৰিক্ত ছেছন ন্যায়াধীশে আজি ধৰ্ষণৰ গোচৰত এনামুল হক লস্কৰ নামৰ এজন দোষীক ২০ বছৰৰ কাৰাদণ্ডৰে দণ্ডিত কৰে। উদাৰবন্দৰ দুমুৰঘাটৰ বাসিন্দা এনামুলে যোৱা বৰ্ষৰ ৭ জুনত এগৰাকী নাবালিকাক অপহৰণ কৰি নিৰ্যাতন চলাইছিল। ঘটনাৰ তদন্তৰ অন্তত এনামুলৰ বিৰুদ্ধে আৰক্ষীয়ে আদালতত অভিযোগনামা দাখিল কৰে। এনামুলক দোষী সাব্যস্ত কৰি আদালতে পকছ' আইনৰ অধীনত এনামূলক ২০ হাজাৰ টকাৰ জৰিমনাসহ ২০ বছৰৰ কাৰাদণ্ডৰে দণ্ডিত কৰে। ভাৰতীয় দণ্ডবিধিৰ ৩৬৩ নম্বৰ ধাৰাত এনামূলক অতিৰিক্ত তিনিবছৰৰ কাৰাদণ্ড আৰু ৫ হাজাৰ টকাৰ জৰিমনা বিহা হয়...