January 4, 2026 9:21 PM

views 53

কাচাৰ জিলাৰ লক্ষীপুৰ ব্লকৰ আনাৰস খেতি আৰু প্ৰক্ৰিয়াকৰণ খণ্ডক নীতি আয়োগৰ গুৰুত্বপূৰ্ণ স্বীকৃতি প্ৰদান

নৱবৰ্ষৰ আৰম্ভণিতে কাচাৰ জিলাৰ লক্ষীপুৰ ব্লকৰ আনাৰস খেতি আৰু প্ৰক্ৰিয়াকৰণ খণ্ডক নীতি আয়োগে গুৰুত্বপূৰ্ণ স্বীকৃতি প্ৰদান কৰি আশা ব্যঞ্জক অধ্যায়ৰ আৰম্ভ কৰিছে। কৃষিভিত্তিক উদ্ভাৱন, দীৰ্ঘম্যাদী জীৱিকা সৃষ্টিৰ লগতে পৰিৱেশ অনুকূল উন্নয়নৰ প্ৰতি লক্ষ্য ৰাখি লক্ষীপুৰ ব্লকক এই স্বীকৃতি প্ৰদান কৰা হৈছে। এই স্বীকৃতিৰ অধীনত জিলা কাৰ্যসূচী আৰু ব্লক কাৰ্যসূচীৰ যোগেদি লক্ষীপুৰ জিৰো ৱেষ্ট আনাৰস উদ্ভাৱণ প্ৰকল্পৰ বাবে ১ কোটি ৬৪ লাখ টকা আৱণ্টন দিয়া হৈছে। ইয়াৰ লগতে লক্ষীপুৰ ব্লকত এবছৰ ৩ মাহৰ বাবে আধুনিক জিৰো ৱে...