November 6, 2025 6:55 PM

views 18

ভুৱা চিকিৎসকৰ বিৰুদ্ধে কাছাৰ জিলাৰ আৰক্ষীৰ অভিযান অব্যাহত

কাছাৰ জিলাৰ আৰক্ষীয়ে জিলাখনত ভুৱা চিকিৎসকৰ বিৰুদ্ধে অভিযান অব্যাহত ৰাখিছে। আজি আৰক্ষীয়ে লক্ষীপুৰৰ পয়লাপুলৰ বাসিন্দা শেখৰ আচাৰ্য নামৰ লোক এজনক গ্ৰেপ্তাৰ কৰে। এই লোকজনে দীর্ঘদিন ধৰি চিকিৎসক হিচাপে পৰিচয় দি ৰোগীক প্রবঞ্চনা কৰি আহিছিল বুলি আৰক্ষীৰ সূত্ৰই প্ৰকাশ কৰিছে। আৰক্ষীয়ে এই লোকজনৰ পৰা চিকিৎসকৰ ভুৱা প্ৰমাণপত্ৰ আৰু অন্যান্য নথি উদ্ধাৰ কৰিছে। এই পর্যন্ত জিলাখনত ১৮ জন ভুৱা চিকিৎসক গ্ৰেপ্তাৰ কৰা হৈছে।

September 9, 2025 7:27 PM

views 22

কাছাৰত দুজন ভুৱা চিকিৎসকক গ্ৰেপ্তাৰ

কাছাৰ আৰক্ষীয়ে যোৱা ২৪ ঘণ্টাত অভিযান চলাই জিলাখনত দুজন ভুৱা চিকিৎসকক গ্ৰেপ্তাৰ কৰে। আৰক্ষীয়ে শিলচৰৰ লিংক ৰোডৰ পৰা পংকজ চৌধুৰী আৰু কালাইনৰ পৰা সুবীৰ চৌধুৰী নামৰ চিকিৎসক দুজনক গ্ৰেপ্তাৰ কৰে। এই লোক দুজনে দীৰ্ঘদিন ধৰি চিকিৎসক হিচাপে সেৱা আগবঢ়াই আহিছিল। যোৱা মাহত আৰক্ষীয়ে ছজন এনে ভুৱা চিকিৎসকক গ্ৰেপ্তাৰ কৰে বুলি কাছাৰৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক নোমল মাহাত্তাই প্ৰকাশ কৰে। লোক দুজনৰ পৰা ভালেসংখ্যক আপত্তিজনক নথিপত্র জব্দ কৰা হৈছে।

May 1, 2025 7:39 PM

views 24

কাছাৰ জিলাত ২মেত প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ

কাছাৰ জিলাত প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণৰ বাবে আজি প’লিং বিষয়াসকল শিলচৰ, বৰখলা, সোনাই আৰু উধাৰবন্দ বিধানসভা সমষ্টিলৈ ৰাওনা হৈছে। জিলাখনৰ ৭টা বিধানসভা সমষ্টিৰ বাবে বৰ্তমান ৬৪ গৰাকী প্রার্থীয়ে প্ৰতিদ্বন্দ্বিতা কৰিছে। ইতিমধ্যে দুগৰাকী প্ৰাৰ্থী বিনা প্রতিদ্বন্দ্বিতাৰে জয়ী হৈছে। পঞ্চায়ত নিৰ্বাচনত নিজৰ কৰ্তব্য পালনৰ বাবে সাজু হোৱাৰ সময়তে আজি শিলচৰৰ এগৰাকী নিৰ্বাচনী বিষয়াৰ হৃদৰোগত আক্ৰান্ত হৈ মৃত্যু হয়। গ্ৰাম্য স্বাস্থ্য পৰিদৰ্শক হিচাপে কৰ্মৰত বিষয়াগৰাকী নুৰুল হক চৌধুৰী বুলি আমাৰ সংবাদদাতাই জানিবলৈ ...