August 9, 2025 12:02 PM

views 13

৪ হাজাৰ কোটি টকাৰ বিশেষ উন্নয়ন পেকেজত কেন্দ্ৰীয় মন্ত্ৰীসভাৰ অনুমোদন

কেন্দ্ৰীয় মন্ত্ৰীসভাই অসম আৰু ত্ৰিপুৰাৰ উন্নয়নৰ লক্ষ্যৰে বিশেষ পেকেজৰ অধীনত ৪ হেজাৰ ২৫০ কোটি টকা আৱণ্টনত অনুমোদন জনাইছে। ৰাজ্যৰ বিদ্ৰোহী সংগঠনসমূহৰ সৈতে হোৱা শান্তি চুক্তিমৰ্মে কেন্দ্ৰীয় চৰকাৰে অসমৰ বাবে চাৰি হাজাৰ কোটি টকাৰ বিশেষ উন্নয়ন পেকেজত অনুমোদন জনায়। ২০২৩ চনত আলফাৰ সৈতে হোৱা ত্ৰিপাক্ষিক চুক্তি অনুসৰি ৰাজ্যৰ আন্তঃগাঁথনি উন্নয়নৰ বাবে তিনি হাজাৰ কোটি টকাত অনুমোদন জনোৱা হৈছে। একেদৰে বিদ্ৰোহী সংগঠন ডি এন এল এ আৰু ডিমাচা পিপলছ ছুপ্ৰিম কাউন্সিলৰ সৈতে হোৱা ত্ৰিপাক্ষিক চুক্তি অনুসৰি উত্তৰ কাছাৰ প...

August 8, 2025 7:27 PM

views 17

অসম আৰু ত্ৰিপুৰাৰ উন্নয়নৰ লক্ষ্যৰে ৪,২৫০ কোটি টকা আৱণ্টনত কেন্দ্ৰীয় মন্ত্ৰীসভাৰ অনুমোদন

কেন্দ্ৰীয় মন্ত্ৰীসভাই অসম আৰু ত্ৰিপুৰাৰ উন্নয়নৰ লক্ষ্যৰে বিশেষ পেকেজৰ অধীনত ৪ হেজাৰ ২৫০ কোটি টকা আৱণ্টনত অনুমোদন জনাইছে। ৰাজ্যখনৰ আদিবাসী বসতিপ্ৰধান গাওঁসমূহৰ উন্নয়নৰ বাবে মন্ত্ৰীসভাই ৫০০ কোটি টকাৰ পেকেজ ঘোষণা কৰিছে। একেদৰে আলফা আৰু চৰকাৰৰ মাজত হোৱা চুক্তিমৰ্মে ৰাজ্যখনৰ উন্নয়নৰ বাবে ৩ হাজাৰ কোটি টকাৰ পেকেজত মন্ত্ৰীসভাই অনুমোদন জনাইছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত আজি অনুষ্ঠিত কেন্দ্ৰীয় মন্ত্ৰীসভাৰ বৈঠকৰ পাছত তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী অশ্বিনী বৈষ্ণৱে বৈঠকৰ সিদ্ধান্তসমূহৰ বিষয়ে সাংবাদি...

November 21, 2024 7:44 PM

views 8

কৰিমগঞ্জ জিলাক শ্রীভূমি জিলা হিচাপে নতুনকৈ নামকৰণৰ বাবে জাননী জাৰি

অসম চৰকাৰে কৰিমগঞ্জ জিলাক শ্রীভূমি জিলা হিচাপে নতুনকৈ নামকৰণ কৰি জাননী জাৰি কৰিছে। অসম মন্ত্রীসভাই এই নতুন নামকৰণ সন্দৰ্ভত অলপতে সিদ্ধান্ত লোৱাৰ পাছত ৰাজ্যপালৰ অনুমোদনমৰ্মে আজি ৰাজ্য চৰকাৰৰ সাধাৰণ প্ৰশাসন বিভাগে এই নিৰ্দেশনা জাৰি কৰিছে। উল্লেখযোগ্য যে পৰহি অনুষ্ঠিত অসম মন্ত্ৰীসভাৰ বৈঠকত কৰিমগঞ্জৰ সমৃদ্ধ সাংস্কৃতিক ঐতিহ্যক ন্যায়সংগত ৰূপত প্ৰকাশ কৰাৰ বাবে জিলাখনক শ্রীভূমি হিচাপে নামকৰণ কৰিবলৈ অনুমোদন জনোৱা হৈছিল।