December 27, 2024 7:30 PM
15
প্রাক্তন প্রধানমন্ত্রী ড০ মনমোহন সিঙৰ বিয়োগত কেন্দ্রীয় মন্ত্রীসভাৰ শোক প্ৰকাশ
কেন্দ্রীয় মন্ত্রীসভাই আজি প্রাক্তন প্রধানমন্ত্রী ড০ মনমোহন সিঙৰ বিয়োগত শোক প্ৰকাশ কৰি এটা প্ৰস্তাৱ গ্ৰহণ কৰে। প্ৰস্তাৱত মনমোহন সিঙৰ বিয়োগত ৰাষ্ট্ৰই এগৰাকী বিচক্ষণ ৰাজনীতিবিদ, বিশিষ্ট অর্থনীতিবিদ আৰু প্ৰসিদ্ধ নেতা হেৰুৱালে বুলি উল্লেখ কৰা হৈছে। ড০ মনমোহন সিঙে জাতীয় জীৱনত গভীৰ ছাপ এৰি থৈ যোৱা বুলিও প্ৰস্তাৱত কোৱা হৈছে। মন্ত্ৰীসভাৰ বৈঠকত এইবুলি কোৱা হয় যে, তেওঁ ১৯৯১ চনৰ পৰা ১৯৯৬ চনলৈ ভাৰতত বিত্ত মন্ত্ৰীৰ দায়িত্বত আছিল আৰু সকলোৱে তেওঁৰ অৰ্থনৈতিক সংস্কাৰৰ সৰ্বাত্মক নীতিৰ ভূয়সী প্রশাংসা কৰিছে। ...