December 12, 2024 12:22 PM

views 11

আধাৰ কাৰ্ড প্রদান ব্যৱস্থা অধিক কঠোৰ কৰাৰ বাবে ৰাজ্যিক মন্ত্ৰীসভাৰ বৈঠকত সিদ্ধান্ত

ৰাজ্য চৰকাৰে আধাৰ কাৰ্ড প্রদান ব্যৱস্থা অধিক কঠোৰ কৰি তোলাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। গুৱাহাটীৰ লোকসেৱা ভৱনত কালি অনুষ্ঠিত ৰাজ্যিক মন্ত্ৰীসভাৰ বৈঠকত এই সন্দৰ্ভত গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয়। বৈঠকৰ অন্তত এখন সংবাদমেল সম্বোধন কৰি মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শর্মাই কয়, যে কোনো সন্দেহযুক্ত নাগৰিকে যাতে ৰাজ্যত আধাৰ কাৰ্ড ল'ব নোৱাৰে তাৰবাবে মন্ত্রীসভাই আধাৰ প্ৰদানৰ ব্যৱস্থা অধিক কটকটীয়া আৰু কঠোৰ কৰি তোলাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। ড° শৰ্মাই কয়, যে কোনো ব্যক্তিয়ে আধাৰৰ বাবে আৱেদন কৰাৰ প্ৰথম পর্য...