December 19, 2025 12:07 PM

views 17

নামৰূপৰ এম’নিয়া-ইউৰিয়া ব্রাউনফিল্ড প্রকল্প নিৰ্মাণৰ বাবে ভূমি আবণ্টনত মন্ত্ৰীসভাৰ অনুমোদন

অসম মন্ত্রীসভাই নামৰূপৰ এম’নিয়া-ইউৰিয়া ব্ৰাউনফিল্ড প্রকল্প নিৰ্মাণৰ বাবে প্রয়োজন হ'বলগীয়া ভূমি আবণ্টনত অনুমোদন জনাইছে। দিছপুৰৰ লোকসেৱা ভৱনত কালি অনুষ্ঠিত মন্ত্ৰীসভাৰ বৈঠকৰ পাছত মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই এখন সংবাদমেলত এই বিষয়ে প্ৰকাশ কৰে। মন্ত্রীসভাই ধেমাজি জিলাৰ কাৰেং চাপৰিত চি আৰ পি এফৰ গ্ৰুপ চেণ্টাৰ স্থাপনৰ বাবে ৬০৭ বিঘা চৰকাৰী ভূমি হস্তান্তৰত অনুমোদন জনায়। তদুপৰি মিছন বসুন্ধৰাৰ জৰিয়তে লখিমপুৰ, কামৰূপ, বৰপেটা, ধুবুৰী, গোৱালপাৰা, দৰঙৰ ২২৪ টা পৰিয়াল আৰু কামৰূপ, বৰপেটা, গোৱালপাৰ...

October 28, 2025 8:07 PM

views 27

অষ্টম কেন্দ্ৰীয় দৰমহা আয়োগৰ কাৰ্যক্ষেত্ৰৰ পৰিসৰত কেন্দ্রীয় মন্ত্রীসভাৰ অনুমোদন

কেন্দ্রীয় মন্ত্রীসভাই অষ্টম কেন্দ্ৰীয় দৰমহা আয়োগৰ কাৰ্যক্ষেত্ৰৰ পৰিসৰত অনুমোদন জনাইছে। আয়োগে গঠনৰ ১৮ মাহৰ ভিতৰত নিজৰ পৰামৰ্শবলী আগবঢ়াব। নতুন দিল্লীত অনুষ্ঠিত মন্ত্রীসভাৰ বৈঠকৰ অন্তত সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী অশ্বিনী বৈষ্ণরে আজি এইকথা প্রকাশ কৰে। তেওঁ কয় যে আয়োগত এগৰাকী অধ্যক্ষ, এগৰাকী অংশকালীন সদস্য আৰু এগৰাকী সদস্য সচিব থাকিব। মন্ত্রীসভাই লগতে ২০২৫-২৬ ৰবিশস্য বৰ্ষৰ বাবে ফছফৰাছ আৰু পটেচিয়ামযুক্ত সাৰৰ পুষ্টিকৰ উপাদান আধাৰিত ৰাজ সাহায্য হাৰত অনুমোদন দিয়ে। শ্রীবৈষ্ণব...

July 31, 2025 8:33 PM

views 22

প্রধানমন্ত্রী কিষাণ সম্পদা যোজনাৰ বাবে মুঠ ৬,৫২০ কোটি টকাৰ অনুমোদন কেন্দ্রীয় মন্ত্রীসভাৰ

কেন্দ্রীয় মন্ত্রীসভাই পঞ্চদশ বিত্তীয় আয়োগৰ অধীনত ৰূপায়ণ হৈ থকা কেন্দ্রীয় আঁচনি প্রধানমন্ত্রী কিষাণ সম্পদা যোজনাৰ বাবে অতিৰিক্ত এহেজাৰ ৯২০ কোটি টকাকে ধৰি মুঠ ছহেজাৰ ৫২০ কোটি টকাৰ অনুমোদন দিছে। নতুন দিল্লীত আজি সংবাদ মাধ্যমৰ আগত তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী অশ্বিনী বৈষ্ণৱে কয়, যে অনুমোদন জনোৱা এই ধনৰাশিৰে সংহত শীতলীকৰণ আৰু মূল্য সংযোজিত আন্তঃগাঁথনিৰ অধীনত এহেজাৰ কোটি টকা ব্যয় সাপেক্ষ ৫০ টা বিভিন্ন খাদ্য সামগ্ৰীৰ প্ৰসংস্কৰণ গোট নিৰ্মাণ কৰা হ'ব। খাদ্য সুৰক্ষা আৰু মানদণ্ড নিশ্চিত আন্তঃগাঁথনিৰ অধ...

March 5, 2025 11:53 AM

views 16

৩৩৮ কোটি টকা ব্যয় সাপেক্ষে ৪৬টা বান আৰু খহনীয়া ব্যৱস্থাপনা প্ৰকল্পৰ প্ৰস্তাৱত ৰাজ্যিক মন্ত্রীসভাৰ অনুমোদন

ৰাজ্যৰ মন্ত্রীসভাই ৩৩৮ কোটি টকা ব্যয় সাপেক্ষে ৪৬টা বান আৰু খহনীয়া ব্যৱস্থাপনা প্ৰকল্পৰ প্ৰস্তাৱত অনুমোদন জনাইছে। মন্ত্রীসভাই বিনিয়োগ আৰু আন্তঃগাথনি সন্মিলন এডভান্টেজ আছামৰ সময়ত স্বাক্ষৰিত বুজাবুজিৰ চুক্তি অনুসৰি তিনিচুকীয়াত মা কামাখ্যা ৰাষ্ট্ৰীয় বিশ্ববিদ্যালয় অসম আৰু ছিপাঝাৰত এডটেক দক্ষতা বিশ্ববিদ্যালয় অসম নামৰ দুখন নতুন বিশ্ববিদ্যালয় স্থাপনৰ বাবে বিধানসভাত বিধেয়ক উত্থাপন কৰিবলৈ সিদ্ধান্ত লয়। দিশপুৰত কালি বিয়লি অনুষ্ঠিত ৰাজ্যিক মন্ত্রীসভাৰ বৈঠকৰ পাছত মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্ম...