March 29, 2024 10:03 PM

views 17

নির্বাচন আয়োগৰ চি-ভিজিল এপৰ জৰিয়তে ৭৯ হাজাৰৰো অধিক নির্বাচনী আচৰণ বিধি উলংঘনৰ অভিযোগ লাভ

নির্বাচন আয়োগৰ চি-ভিজিল এপ ভোটদাতাসকলৰ মাজত যথেষ্ট জনপ্ৰিয় হৈছে। লোকসভা নিৰ্বাচনৰ সময়সূচী ঘোষণা হোৱাৰে পৰা বৰ্তমানলৈকে এই এপৰ জৰিয়তে ৭৯ হাজাৰৰো অধিক নির্বাচনী আচৰণ বিধি উলংঘনৰ ঘটনাৰ বিষয়ে অভিযোগ লাভ কৰা হৈছে। নির্বাচন আয়োগে এটা বিবৃতিযোগে কৈছে যে, লাভ কৰা অভিযোগসমূহৰ ৯৯ শতাংশৰো অধিক ইতিমধ্যে নিষ্পত্তি কৰা হৈছে। এই অভিযোগসমূহৰ প্ৰায় ৮৯ শতাংশ ১০০ মিনিটৰ ভিতৰত নিষ্পত্তি কৰা বুলি আয়োগে প্ৰকাশ কৰিছে। এপটোৰ মাধ্যমেৰে লাভ কৰা অভিযোগসমূহৰ ভিতৰত ৫৮ হাজাৰ ৫০০ৰো অধিক অবৈধ হৰ্ডিংছ আৰু বেনাৰ আৰু এহেজ...