September 18, 2024 7:42 PM

views 31

১ ডিচেম্বৰত চি-টেট অনুষ্ঠিত কৰাৰ কথা ঘোষণা কেন্দ্ৰীয় মাধ্যমিক শিক্ষা পৰিষদৰ

কেন্দ্ৰীয় মাধ্যমিক শিক্ষা পৰিষদে অহা ১ ডিচেম্বৰত চি-টেট অনুষ্ঠিত কৰাৰ কথা ঘোষণা কৰিছে। এই সন্দৰ্ভত পৰিষদে জাৰি কৰা নিৰ্দেশনা অনুসৰি টি-টেটৰ বাবে ইতিমধ্যে ১৭ ছেপ্তেম্বৰৰ পৰা অনলাইন আবেদন প্ৰক্ৰিয়া আৰম্ভ হৈছে। আবেদনৰ অন্তিম দিন ১৬ অক্টোবৰ। আবেদনকাৰী প্ৰাৰ্থীসকলে ১৬ অক্টোবৰৰ পুৱা ১২ বজাৰ পূৰ্বে নিৰ্ধাৰিত মাচুল জমা দিব লাগিব। ৰাজ্য চৰকাৰে অসম টেট পৰীক্ষা অনুষ্ঠিত নকৰাৰ পৰিপ্ৰেক্ষিতত কেন্দ্ৰীয় মাধ্যমিক শিক্ষা পৰিষদে পতা চি-টেটৰ গুৰুত্ব বৃদ্ধি পাইছে।