February 10, 2025 6:10 PM

views 39

গ্রাম্য স্বচ্ছ ভাৰত অভিযানৰ অধীনত ১২ কোটিৰো অধিক শৌচাগাৰ নিৰ্মাণৰ ফলত ৩ লাখৰো অধিক শিশুৰ জীৱন ৰক্ষা পৰিছেঃ কেন্দ্ৰীয় মন্ত্রী চি আৰ পাৰ্টিল

কেন্দ্রীয় জল শক্তি মন্ত্রী চি আৰ পাৰ্টিলে আজি কয় যে গ্রাম্য স্বচ্ছ ভাৰত অভিযানৰ অধীনত ১২ কোটিৰো অধিক শৌচাগাৰ নিৰ্মাণৰ ফলত ৩ লাখৰো অধিক শিশুৰ জীৱন ৰক্ষা পৰিছে। ৰাজ্যসভাৰ শূণ্য কালত এটা পৰিপূৰক প্ৰশ্নৰ উত্তৰত মন্ত্ৰীগৰাকীয়ে কয় যে এই অভিযানৰ অধীনত ৰূপায়ণ কৰা সজাগতামূলক কাৰ্যসূচীসমূহৰ ফলত শৌচাগাৰ ব্যৱহাৰকে ধৰি অন্যান্য স্বাস্থ্যসন্মত দিশত শিশুসকলৰ মাজত বহুতো ব্যৱহাৰিক পৰিৱৰ্তন পৰিলক্ষিত হৈছে। বিশ্ব স্বাস্থ্য সংস্থাৰ এখন প্ৰতিবেদনৰ উদ্ধৃতি দি মন্ত্ৰীগৰাকীয়ে কয় যে ইয়াৰ ফলত ৩ লাখ শিশুৰ জীৱন সুৰ...