January 21, 2026 12:21 PM

views 4

উপ-ৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণণৰ আজি কর্ণাটক ভ্রমণ

উপ-ৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণণে আজি কর্ণাটক ভ্রমণ কৰিব। তেওঁ তামাকুৰুৰ শ্রীসিদ্দাগংগা মঠত আয়োজিত শ্রী শিবকুমাৰা মহাস্বামীজীৰ সপ্তম সোঁৱৰণী দিৱসত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰিব। উপ-ৰাষ্ট্ৰপতিগৰাকীয়ে বেংগালুৰুৰ চি এম আৰ প্ৰযুক্তি প্ৰতিষ্ঠানৰ ৰূপালী জয়ন্তী উদযাপন অনুষ্ঠানতো অংশগ্রহণ কৰাৰ কথা।

October 7, 2025 8:03 PM

views 16

ৰাজ্যসভাত বিভিন্ন ৰাজনৈতিক দলৰ নেতাসকলৰ সৈতে চি পি ৰাধাকৃষ্ণণৰ বৈঠক

উপ-ৰাষ্ট্ৰপতি তথা ৰাজ্যসভাৰ সভাপতি চি পি ৰাধাকৃষ্ণণ আজি ৰাজ্যসভাত বিভিন্ন ৰাজনৈতিক দলৰ নেতাসকলৰ সৈতে বৈঠকত মিলিত হয়। যোৱা মাহত ৰাজ্যসভাৰ সভাপতি হিচাপে কাৰ্য্যভাৰ গ্ৰহণ কৰাৰ পাছত এয়া হৈছে শ্ৰীৰাধাকৃষ্ণণৰ বিভিন্ন ৰাজনৈতিক দলৰ নেতাসকলৰ সৈতে প্ৰথমখন বৈঠক। বৈঠকত ৰাজ্যসভাৰ কাম-কাজ সুচাৰুৰূপে সম্পন্ন কৰাটো সুনিশ্চিত কৰাৰ লগতে সদনৰ কাম-কাজ বিঘ্নিত নোহোৱাকৈ বিতর্ক অনুষ্ঠিত কৰাৰ বাবে সদস্যসকলৰ দিহা-পৰামৰ্শ সন্দৰ্ভত আলোচনা কৰা হয়। ৰাজ্যসভাৰ নেতা জে পি নড্ডা, সংসদীয় পৰিক্ৰমা ৰাজ্যমন্ত্রী অর্জুন ৰাম মেঘৱাল আ...