October 7, 2025 8:03 PM October 7, 2025 8:03 PM
8
ৰাজ্যসভাত বিভিন্ন ৰাজনৈতিক দলৰ নেতাসকলৰ সৈতে চি পি ৰাধাকৃষ্ণণৰ বৈঠক
উপ-ৰাষ্ট্ৰপতি তথা ৰাজ্যসভাৰ সভাপতি চি পি ৰাধাকৃষ্ণণ আজি ৰাজ্যসভাত বিভিন্ন ৰাজনৈতিক দলৰ নেতাসকলৰ সৈতে বৈঠকত মিলিত হয়। যোৱা মাহত ৰাজ্যসভাৰ সভাপতি হিচাপে কাৰ্য্যভাৰ গ্ৰহণ কৰাৰ পাছত এয়া হৈছে শ্ৰীৰাধাকৃষ্ণণৰ বিভিন্ন ৰাজনৈতিক দলৰ নেতাসকলৰ সৈতে প্ৰথমখন বৈঠক। বৈঠকত ৰাজ্যসভাৰ কাম-কাজ সুচাৰুৰূপে সম্পন্ন কৰাটো সুনিশ্চিত কৰাৰ লগতে সদনৰ কাম-কাজ বিঘ্নিত নোহোৱাকৈ বিতর্ক অনুষ্ঠিত কৰাৰ বাবে সদস্যসকলৰ দিহা-পৰামৰ্শ সন্দৰ্ভত আলোচনা কৰা হয়। ৰাজ্যসভাৰ নেতা জে পি নড্ডা, সংসদীয় পৰিক্ৰমা ৰাজ্যমন্ত্রী অর্জুন ৰাম মেঘৱাল আ...