September 10, 2025 12:06 PM September 10, 2025 12:06 PM

views 13

দেশৰ পঞ্চদশ উপ-ৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণন

দেশৰ পঞ্চদশ উপ-ৰাষ্ট্ৰপতি পদৰ বাবে কালি অনুষ্ঠিত নিৰ্বাচনত এন ডি এ মিত্ৰজোঁটৰ প্ৰাৰ্থী তথা মহাৰাষ্ট্ৰৰ ৰাজ্যপাল চি পি ৰাধাকৃষ্ণনে জয়লাভ কৰে। বিৰোধী আই এন ডি এৰ প্ৰাৰ্থী বি সুদৰ্শন ৰেড্ডীয়ে ৩০০টা ভোট লাভ কৰাৰ বিপৰীতে এন ডি এ মিত্ৰজোঁটৰ প্ৰাৰ্থীগৰাকীয়ে ৪৫২টা ভোট লাভ কৰি উপ-ৰাষ্ট্ৰপতি পদৰ বাবে নিৰ্বাচিত হয়। কালি দিনৰ ১০ বজাৰ পৰা বিয়লি ৫ বজালৈ ভোটগ্রহণ হোৱাৰ পাছত সন্ধিয়া নিৰ্বাচনৰ ফলাফল ঘোষণা কৰা হয়। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুর্মু আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে উপৰাষ্ট্ৰপতি হিচাপে নিৰ্...