November 29, 2025 5:20 PM

views 28

উপৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণণ কাইলৈ কুৰুক্ষেত্ৰলৈ যাব

● উপৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণণ কাইলৈ কুৰুক্ষেত্ৰলৈ যাব। এই ভ্ৰমণকালত শ্ৰী ৰাধাকৃষ্ণণে কুৰুক্ষেত্ৰৰ ৰাষ্ট্ৰীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠানৰ কুৰি সংখ্যক সমাবর্তন সমাৰোহত মুখ্য অতিথি হিচাপে ভাগ ল'ব। তেওঁ লগতে আন্তঃৰাষ্ট্ৰীয় গীতা মহোৎসৱৰ সৈতে সংগতি ৰাখি আয়োজন কৰা অখিল ভাৰতীয় দেৱস্থানম সন্মিলনত অংশ গ্ৰহণ কৰিব।

September 25, 2025 9:59 PM

views 32

পণ্ডিত দীনদয়াল উপাধ্যায়ৰ জন্ম-জয়ন্তীত শ্ৰদ্ধাঞ্জলি জ্ঞাপন উপ-ৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণনৰ

উপ-ৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণনে আজি পণ্ডিত দীনদয়াল উপাধ্যায়ৰ জন্ম-জয়ন্তীত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। সামাজিক মাধ্যম যোগে দিয়া এটা বাৰ্তাত উপৰাষ্ট্ৰপতিগৰাকীয়ে কয়, যে পণ্ডিত দীনদয়াল উপাধ্যায়ে অত্যন্ত সৰল আৰু গভীৰ চিন্তাৰে জীৱন অতিবাহিত কৰিছিল। মৃত্যুৰ সময়ত তেওঁৰ জেপত মাত্র পাঁচ টকাহে আছিল। তেওঁ সংস্কৃতি, কৰুণা আৰু মানৱতাবাদেৰে আৱেষ্টিত এখন ভাৰতৰ কল্পনা কৰিছিল। তেওঁ ভাৰতৰ এজন প্ৰকৃত সেৱক আছিল। উপাধ্যায়ক স্মৰণ কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয়, যে ভাৰত মাতৃৰ তেওঁ এখন মহান পুত্ৰ তথা মানৱ...

August 19, 2025 2:12 PM

views 34

উপ-ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী চি আৰ ৰাধাকৃষ্ণণক বিনা প্রতিদ্বন্দ্বিতাৰে নিৰ্বাচিত কৰাৰ বাবে প্ৰধানমন্ত্ৰী মোদীৰ আহ্বান

■ এন ডি এৰ উপ-ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী চি আৰ ৰাধাকৃষ্ণণক বিনা প্রতিদ্বন্দ্বিতাৰে নিৰ্বাচিত কৰাৰ বাবে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বিৰোধী দলসমূহকে ধৰি সকলো ৰাজনৈতিক দললৈ আহ্বান জনাইছে। নতুন দিল্লীত আজি পুৱা অনুষ্ঠিত এন ডি এৰ সংসদীয় দলৰ বৈঠকত শ্ৰী মোদীয়ে উপৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী চি আৰ ৰাধাকৃষ্ণনক এন ডি এৰ সাংসদসকলৰ সৈতে চিনাকি কৰি দিয়ে। তেওঁ কয়, যে শ্ৰী ৰাধাকৃষ্ণনে সংসৰ সদস্য আৰু ৰাজ্যপাল হিচাপে ৰাজহুৱা জীৱনত সফলভাৱে ৰাইজৰ সেৱা কৰি আহিছে। বৈঠকৰ পাছত সংবাদ মাধ্যমক সংসদীয় পৰিক্ৰমা মন্ত্ৰী কিৰ...

August 18, 2025 8:49 PM

views 28

উপৰাষ্ট্ৰপতিৰ নিৰ্বাচনৰ বাবে প্রক্ষেপিত এন ডি এ প্রার্থী চি পি ৰাধাকৃষ্ণণৰ প্রধানমন্ত্ৰী মোদীক সাক্ষাৎ

উপৰাষ্ট্ৰপতিৰ নিৰ্বাচনৰ বাবে প্রক্ষেপিত এন ডি এ প্রার্থী তথা মহাৰাষ্ট্ৰৰ ৰাজ্যপাল চি পি ৰাধাকৃষ্ণণে আজি নতুন দিল্লীত প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত শ্রীমোদীয়ে উপৰাষ্ট্ৰপতি পদ এন ডি এ প্রার্থী শ্ৰীৰাধাকৃষ্ণণক শুভেচ্ছা জনাই কয় যে শ্ৰীৰাধাকৃষ্ণণৰ দীৰ্ঘদিনীয়া জনসেৱা আৰু বিভিন্ন ক্ষেত্ৰৰ অভিজ্ঞতাই ভাৰতক বহু পৰিমাণে সংদ্ধ কৰিব। শ্রীমোদীয়ে এতিয়াৰ দৰেই শ্ৰীৰাধাকৃষ্ণণক নিষ্ঠা আৰু সংকল্পৰে সৈতে জাতিৰ হ'কে সেৱা আগবঢ়াই যোৱাৰ আশা প্ৰকাশ কৰে।

August 18, 2025 12:26 PM

views 32

চি পি ৰাধাকৃষ্ণনক সমাগত উপ-ৰাষ্ট্ৰপতি নিৰ্বাচনৰ এন ডি এৰ প্ৰাৰ্থী হিচাপে মনোনীত

মহাৰাষ্ট্ৰৰ ৰাজ্যপাল চি পি ৰাধাকৃষ্ণনক সমাগত উপ-ৰাষ্ট্ৰপতি নিৰ্বাচনৰ বাবে এন ডি এৰ প্ৰাৰ্থী হিচাপে মনোনীত কৰা হৈছে। বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি তথা কেন্দ্রীয় মন্ত্রী জে পি নাড্ডাই কালি নতুন দিল্লীৰ বিজেপি মুখ্য কাৰ্যালয়ত দলৰ সংসদীয় সমিতিৰ বৈঠকৰ অন্তত সাংবাদিকৰ সৈতে হোৱা কথা - বতৰাত এই কথা ঘোষণা কৰে। তেওঁ কয়, যে এন ডি এৰ সকলো লোকে এই সিদ্ধান্তৰ সমৰ্থন কৰিছে। শ্রীনাড্ডাই লগতে কয়, যে উপ-ৰাষ্ট্ৰপতি নির্বাচন সুনিশ্চিত কৰাৰ বাবে বিজেপিয়ে সকলো দলৰ সৈতে সমন্বয় ৰক্ষাৰ প্ৰয়াস কৰিব। বিগত সপ্তাহত এন ড...