October 1, 2024 8:06 PM

views 25

অসমীয়া ভাষাক ধ্ৰুপদী ভাষাৰ স্বীকৃতিৰ বাবে কেন্দ্রীয় চৰকাৰৰ সৈতে মুখ্যমন্ত্রীৰ যোগাযোগ

অসমীয়া ভাষাক ধ্ৰুপদী ভাষাৰ স্বীকৃতি দিয়াৰ বাবে মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই প্রধানমন্ত্রী তথা কেন্দ্রীয় চৰকাৰৰ সৈতে নিয়মীয়াকৈ যোগাযোগত থকাৰ কথা আজি মুখ্যমন্ত্ৰীগৰাকীয়ে মাইক্র' ব্লগিং চাইট এক্স যোগে প্ৰকাশ কৰিছে। এক্স বার্তা যোগে মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে যে, অসমীয়া ভাষাক ধ্রুপদী ভাষাৰ স্বীকৃতি দিয়াৰ প্ৰস্তাৱটোৱে ন্যয়াধীশ বিপ্লব শৰ্মা সমিতিৰ প্ৰতিবেদনৰ পৰামৰ্শৱলীৰ পৰাও আগুৱাই গৈ ভাষাটোক অনন্য স্থান প্রাপ্তিত সহায় কৰিব। প্ৰধানমন্ত্ৰী গৰাকীয়ে এই প্রস্তাৱ গভীৰভাৱে বিবেচনা কৰিব ব...