October 24, 2024 9:08 PM
10
ৰাজ্যৰ উপ-নিৰ্বাচনৰ বাবে এতিয়ালৈ ১৪গৰাকী প্রার্থীৰ মনোনয়ন পত্র দাখিল, কাইলৈ মনোনয়ন পত্ৰ দাখিলৰ অন্তিম দিন
ৰাজ্যৰ পাঁচটা বিধানসভা সমষ্টিৰ উপ-নিৰ্বাচনৰ বাবে আজি ৯গৰাকী প্রার্থীয়ে মনোনয়ন পত্র দাখিল কৰে। ইয়াকে লৈ এই পর্যন্ত ১৪গৰাকী প্ৰাৰ্থীয়ে মনোনয়ন পত্র দাখিল কৰিলে। কাইলৈ উপ-নিৰ্বাচনৰ বাবে মনোনয়ন পত্র দাখিল অন্তিম দিন। চিদলী বিধানসভা সমষ্টিত আজি এন ডি এ সমর্থিত ইউ পি পি এল দলৰ প্ৰাৰ্থী নিৰ্মল কুমাৰ ব্ৰহ্মই মিত্ৰজোঁটৰ কেইবাজনো নেতাৰ উপস্থিতিত কাজলগাঁৱৰ জিলা আয়ুক্তৰ কাৰ্যালয়ত মনোনয়নপত্র দাখিল কৰে। ধলাই সমষ্টিৰ বিজেপিৰ প্ৰাৰ্থী নীহাৰৰঞ্জন দাসে দলৰ কেইবাগৰাকীও সাংসদ, বিধায়ক তথা জ্যেষ্ঠ নেতাৰ উপস্...