November 11, 2025 6:25 PM

views 46

ঝাৰখণ্ডৰ ঘাটচিলা বিধানসভা সমষ্টিত আজি উপ-নির্বাচন অনুষ্ঠিত

ঝাৰখণ্ডৰ ঘাটচিলা বিধানসভা সমষ্টিত আজি উপ-নির্বাচন অনুষ্ঠিত হৈছে। নির্বাচন আয়োগৰ তথ্য অনুসৰি পুৱা ৯ বজালৈকে সমষ্টিটোত ১৭ দশমিক ৩ ৩ শতাংশ ভোটদান হৈছে। পুৱা ৭ বজাত সমষ্টিটোৰ ৩০০ টা ভোটকেন্দ্ৰত ভোটদান আৰম্ভ হয় আৰু সন্ধিয়া ৫ বজালৈকে ভোটদান অব্যাহত থাকিব। উপ-নির্বাচনত ২ লাখ ৫৫ হাজাৰৰো অধিক ভোটদাতাই ভোটাধিকাৰ সাব্যস্ত কৰিব। ৰাজ্যখনৰ শিক্ষামন্ত্ৰী তথা জে এম এমৰ বিধায়ক ৰামদাস ছোৰেনৰ মৃত্যুৰ পৰিপ্ৰেক্ষিতত সমষ্টিটোত উপ-নির্বাচন অনুষ্ঠিত হৈছে। উপ-নির্বাচনত মুঠ ১৩ গৰাকী প্রার্থী অৱতীৰ্ণ হৈছে যদিও প্রয়াত...

November 12, 2024 2:16 PM

views 30

৮২ জনীয়া ঝাৰখণ্ড বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণৰ বাবে প্ৰস্তুতি সম্পূৰ্ণ

৮২ জনীয়া ঝাৰখণ্ড বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণৰ বাবে প্ৰস্তুতি সম্পূৰ্ণ কৰা হৈছে। এই পৰ্যায়ত ৰাজ্যখনৰ ৪৩ টা সমষ্টিক সামৰি লোৱা হ'ব। নির্বাচনী দলসমূহ সংশ্লিষ্ট কেন্দ্ৰলৈ প্ৰেৰণৰ প্ৰক্ৰিয়া চলি আছে। স্পৰ্শকাতৰ কেন্দ্ৰ হিচাপে চিনাক্ত কৰা ২২৫ টা কেন্দ্ৰৰ ভিতৰত ১৯৪ টা কেন্দ্ৰত নিৰ্বাচনী দল কালি বায়ুসেনাৰ হেলিকপ্তাৰেৰে উপস্থিত হয়। বাকী ৩০ টা কেন্দ্ৰৰ নিৰ্বাচনী বিষয়াৰ দল আজি প্ৰেৰণ কৰা হৈছে। এই স্পর্শকাতৰ কেন্দ্ৰসমূহ পশ্চিম সিংভূম, লাটেহা, গঢ়ৱা, লোহাগড়া আৰু গুমলা জিলাত অৱস্থিত। ৰাজ্...

November 12, 2024 2:14 PM

views 38

১১ খন ৰাজ্যৰ ৩৩ টা বিধানসভা সমষ্টিৰ উপ-নির্বাচনৰ ভোটগ্ৰহণৰ বাবে সকলো প্ৰস্তুতি সম্পূৰ্ণ

কেৰালাৰ ৱায়নাড সংসদীয় সমষ্টিৰ লগতে ১১ খন ৰাজ্যৰ ৩৩ টা বিধানসভা সমষ্টিৰ উপ-নির্বাচনৰ কাইলৈ হ'বলগীয়া ভোটগ্ৰহণৰ বাবে সকলো প্ৰস্তুতি সম্পূৰ্ণ হৈ উঠিছে। উপ-নির্বাচন হ'বলগীয়া বিধানসভা সমষ্টিকেইটাৰ ভিতৰত অসমৰ ৫টা, ৰাজস্থানৰ ৭, পশ্চিমবংগৰ ৬, বিহাৰৰ ৪, কৰ্ণাটকৰ ৩ টা, মধ্য প্ৰদেশ আৰু ছিকিমৰ দুটাকৈ তথা কেৰালা, ছট্টিশগড়, গুজৰাট আৰু মেঘালয়ৰ এটাকৈ সমষ্টি আছে। অসমৰ চিদলী, বঙাইগাঁও, চামগুৰি, বিহালী আৰু ধলাই বিধানসভা সমষ্টিৰ উপ-নির্বাচন নিয়াৰিকৈ সম্পন্ন কৰাৰ বাবে ১,০৭৮টা ভোটগ্রহণ কেন্দ্র স্থাপন কৰা হৈছে। ...

November 12, 2024 8:35 AM

views 31

পশ্চিমবংগৰ ৬টা বিধানসভা সমষ্টিৰ উপ-নিৰ্বাচনৰ প্ৰচাৰ অভিযানৰ সামৰণি

পশ্চিমবংগৰ ৬টা বিধানসভা সমষ্টিৰ বাবে হ'বলগীয়া উপ-নিৰ্বাচনৰ প্ৰচাৰ অভিযানৰো কালি বিয়লি সামৰণি পৰে। ৰাজ্যখনৰ উত্তৰ-২৪ পৰগনা জিলাৰ হাৰোৱা আৰু নয়হাটী, পশ্চিম মেদিনীপুৰ জিলাৰ মেদিনীপুৰ, আলিপুৰদুৱাৰ জিলাৰ মদাৰীহাট, কোচবিহাৰ জিলাৰ চিতাই আৰু বাঁকুৰা জিলাৰ তলদাংৰাত কাইলৈ ভোটগ্রহণ অনুষ্ঠিত হ'ব। এই উপ-নির্বাচনত ১৫ লাখতকৈও অধিক ভোটদাতাই ৪২ গৰাকী প্ৰাৰ্থীৰ ৰাজনৈতিক ভাগ্য নির্ণয় কৰিব। নির্বাচন আয়োগে উপ-নির্বাচন সুকলমে অনুষ্ঠিত কৰাৰ বাবে সকলো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিছে।

November 12, 2024 8:33 AM

views 35

গুজৰাটৰ বানছকান্থা জিলাৰ ভৱ বিধানসভা উপ-নিৰ্বাচনৰ প্ৰচাৰ অভিযানৰ সামৰণি

গুজৰাটৰ বানছকান্থা জিলাৰ ভৱ বিধানসভা আসনৰ বাবে হ'বলগীয়া উপ-নিৰ্বাচনৰ প্ৰচাৰ অভিযানৰ কালি সামৰণি পৰে। উপ-নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি বিজেপি আৰু কংগ্ৰেছৰ জ্যেষ্ঠ নেতাসকলে জোৰদাৰ প্ৰচাৰ অভিযান চলোৱা পৰিলক্ষিত হয়। আমাৰ সংবাদদাতাই জনোৱা অনুসৰি সমষ্টিটোত দহ গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে যদিও বিজেপি নেতা স্বৰূপজি ঠাকুৰ, কংগ্ৰেছৰ গুলাব সিং ৰাজপুত আৰু নিৰ্দলীয় প্ৰাৰ্থী মাৱজী পেটেলৰ মাজতে মূল নির্বাচনী যুঁজ হোৱাৰ সম্ভাৱনা আছে। সমষ্টিটোত কাইলৈ ভোটগ্ৰহণ কৰা হ'ব আৰু ২৩ নৱেম্বৰত ভোট গণনা কৰা...

November 10, 2024 7:57 PM

views 49

ঝাৰখণ্ডত কাইলৈ প্ৰথম পৰ্যায়ৰ বিধানসভা নিৰ্বাচনৰ প্ৰচাৰ অভিযানৰ অন্ত

ঝাৰখণ্ডত কাইলৈ প্ৰথম পৰ্যায়ৰ বিধানসভা নিৰ্বাচনৰ প্ৰচাৰ অভিযানৰ অন্ত পৰিব। বিভিন্ন ৰাজনৈতিক দলৰ জ্যেষ্ঠ নেতাসকলে দলীয় প্ৰাৰ্থীসকলৰ প্ৰচাৰ অভিযান অব্যাহত ৰাখিছে। প্রধানমন্ত্রী তথা জ্যেষ্ঠ বিজেপি নেতা নৰেন্দ্ৰ মোদীয়ে গুমলা আৰু বোকাৰোত আয়োজিত জনসভাত সমবেত লোকসকলক সম্বোধন কৰে। শ্ৰীমোদীয়ে সবকা সাথ সবকা বিকাশ ভাৱাদৰ্শৰ প্ৰতি বিজেপি, এন ডি এ চৰকাৰ প্ৰতিশ্ৰুতিবদ্ধ বুলি দোহাৰে। তেওঁ কয়, যে এই পথ অনুসৰণ কৰি ঝাৰণখণ্ডৰ লগতে দেশে উল্লেখযোগ্য বিকাশৰ দিশে অগ্ৰসৰ হ'ব পাৰিব । তদুপৰি শ্ৰীমোদীয়ে ঝাৰখণ্ড মুক্...

November 5, 2024 2:27 PM

views 48

ধলাই সমষ্টিত বিজেপিৰ উন্নয়নমূলক নীতিৰ পৰা যথেষ্ট লাভান্বিত হৈছেঃ মুখ্যমন্ত্রী

ৰাজ্যৰ পাঁচটা সমষ্টিত অহা ১৩ নৱেম্বৰত হ'বলগীয়া উপ-নিৰ্বাচনৰ বাবে ৰাজনৈতিক দলসমূহে প্ৰচাৰ তীব্ৰতৰ কৰি তুলিছে। মুখ্যমন্ত্রী তথা বিজেপিৰ জ্যেষ্ঠ নেতা হিমন্ত বিশ্ব শৰ্মাই আজি ধলাই বিধানসভা সমষ্টিত বিজেপি প্রার্থী নিহাৰ ৰঞ্জন দাসৰ হৈ প্ৰচাৰ চলায়। মুখ্যমন্ত্রী শর্মাই কয় যে ধলাই সমষ্টিত বিজেপিৰ উন্নয়নমূলক নীতিৰ পৰা যথেষ্ট লাভান্বিত হৈছে। কালি কংগ্ৰেছৰ প্ৰাৰ্থীগৰাকীৰ হৈ দলটোৰ কেন্দ্ৰীয় নেতা জিতেন্দ্র সিঙে সমষ্টিটোত নিৰ্বাচনী প্ৰচাৰ চলায়। এই সভাত প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা, বিধায়ক খলিলউদ্দিন...

November 4, 2024 7:15 PM

views 42

ৰাজ্যৰ ৫টা সমষ্টিৰ উপ-নিৰ্বাচনৰ বাবে ৰাজনৈতিক দলসমূহে প্ৰচাৰ অভিযান তীব্ৰতৰ

ৰাজ্যৰ পাঁচটা সমষ্টিত অহা ১৩ নৱেম্বৰত হ'বলগীয়া উপ-নিৰ্বাচনৰ বাবে ৰাজনৈতিক দলসমূহে প্ৰচাৰ অভিযান তীব্ৰতৰ কৰি তুলিছে। শাসকীয় বিজেপিকে ধৰি অন্যান্য দলসমূহে সমষ্টিয়ে সমষ্টিয়ে দলীয় প্ৰাৰ্থীৰ সমৰ্থনত প্ৰচাৰ সভাৰ আয়োজন কৰিছে। মন্ত্ৰী পীযূষ হাজৰিকাই বিহালী সমষ্টিৰ কেইবাটাও অঞ্চলত বিজেপিৰ মনোনীত প্রার্থী দিগন্ত ঘাটোৱাৰৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলায়। বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতা, সাংসদ ৰঞ্জীত দত্তকে ধৰি ভালকেইগৰাকী বিজেপি নেতাই এই প্ৰচাৰ সভাত উপস্থিত থাকে। ইপিনে মন্ত্ৰী ৰণজিত কুমাৰ দাসে বঙাইগাঁও ব...

August 21, 2024 12:08 PM

views 66

অসম বিধানসভাৰ ৫টা সমষ্টিৰ উপ নিৰ্বাচনৰ বাবে চূড়ান্ত ভোটাৰ তালিকা প্ৰকাশ

■ অসম বিধানসভাৰ ৫টা সমষ্টিৰ উপ নিৰ্বাচনৰ বাবে কালি চূড়ান্ত ভোটাৰ তালিকা প্ৰকাশ কৰা হৈছে। ছিদলী, ছামগুৰি, বঙাইগাঁও, বিহালী আৰু ধলাই সমষ্টিৰ বাবে ফটোযুক্ত ভোটাৰ তালিকা প্ৰকাশ কৰা হয়। প্রকাশিত তালিকা অনুসৰি ২০ আগষ্টলৈ ছিদলী সমষ্টিত মুঠ ভোটদাতাৰ সংখ্যা হৈছে ২ লাখ ১৬ হাজাৰ ৯৯০ গৰাকী। ইয়াৰে পুৰুষ ভোটদাতা এক লাখ ৭ হাজাৰ ৯৯৭ গৰাকী। আনহাতে মহিলা ভোটদাতাৰ সংখ্যা এক লাখ ৮৯ হাজাৰ ৮৯ গৰাকী। সমষ্টিটোত ৪ গৰাকী তৃতীয় লিংগৰ ভোটদাতা আছে। ভোটাৰ তালিকা অনুসৰি সমষ্টিটোত মুঠ ভোটকেন্দ্র ২৭৩টা। আনহাতে ছামগুৰি সমষ্ট...

August 1, 2024 10:01 AM

views 47

ৰাজ্যৰ ৫টা বিধানসভা সমষ্টিৰ উপ নির্বাচনৰ বাবে নিৰ্বাচন আয়োগ সাজু

■ ৰাজ্যৰ ৫টা বিধানসভা সমষ্টিৰ উপ নির্বাচনৰ বাবে নিৰ্বাচন আয়োগ সাজু হৈছে। উপ নির্বাচন হ'বলগীয়া ঢলাই, চিদলী, বঙাইগাঁও, বিহালী আৰু চামগুৰি সমষ্টিৰ খচৰা ভোটাৰ তালিকাও ইতিমধ্যে আয়োগে প্রকাশ কৰিছে। এই পাঁচোটা সমষ্টিৰে সদ্য প্ৰকাশিত খচৰা ভোটাৰ তালিকাৰ ক্ষেত্ৰত দাবী আৰু আপত্তি দাখিল কৰাৰ সময়সীমা অহা ১০ আগষ্টত উকলিব। এই সমষ্টিসমূহৰ ভোটাৰ তালিকাত নাম অন্তর্ভুক্তি নাইবা আন সংশোধনীৰ ক্ষেত্ৰত আৱেদন পত্র অনলাইন মাধ্যমেৰে সংগ্ৰহ কৰিব পৰা যাব যদিও প্ৰ-পত্ৰ অনলাইন মাধ্যমেৰে দাখিল কৰিব নোৱাৰিব। আনহাতে দাবী আৰ...