November 10, 2025 6:02 PM

views 39

৭ খন ৰাজ্যৰ ৮টা বিধানসভা সমষ্টিৰ বাবে কাইলৈ উপ-নির্বাচন অনুষ্ঠিত

৭ খন ৰাজ্যৰ ৮টা বিধানসভা সমষ্টিৰ বাবে কাইলৈ উপ-নির্বাচন অনুষ্ঠিত হ'ব। উপ-নির্বাচন হ'বলগীয়া সমষ্টিকেইটা হৈছে- জম্মু-কাশ্মীৰৰ বুদগাম আৰু নাগ্রোতা, ৰাজস্থানৰ আন্তা, ঝাৰখণ্ডৰ ঘাটছিলা, তেলেংগানাৰ জুবিলি হিলছ, পাঞ্জাবৰ তাৰ্ন তাৰান, মিজোৰামৰ দাম্পা আৰু ওড়িশাৰ নোৱাপাড়া সমষ্টি। বিহাৰ বিধানসভা নিৰ্বাচনৰ সমান্তৰালভাৱে অহা ১৪ নৱেম্বৰত এই সমষ্টিকেইটাৰ ভোটগণনা কৰা হ'ব।

November 22, 2024 6:54 PM

views 20

কাইলৈ ৰাজ্যৰ ৫টা সমষ্টিৰ উপ-নিৰ্বাচনৰ ভোটগণনা

ৰাজ্যৰ ৫টা সমষ্টিৰ উপ-নিৰ্বাচনৰ ভোটগণনা কাইলৈ পুৱা ৮ বজাৰ পৰা অনুষ্ঠিত হ'ব। ধলাই, চিদলী, বঙাইগাঁও, বিহালী আৰু চামগুৰি সমষ্টিৰ মুঠ ৬৮ খন ভোটগণনা মেজত ভোটগণনা অনুষ্ঠিত হ'ব। ইয়াৰ উপৰিও ডাকযোগে অহা বেলট কাকতসমূহ গণনাৰ বাবেও এই ৫টা সমষ্টিত মুঠ ৯ খন মেজত ভোটগণনা কৰা হ'ব। নিৰ্বাচন বিভাগৰ সূত্ৰই জনোৱা অনুসৰি কাইলৈ পুৱা প্ৰথমে ডাকযোগে অহা বেলট কাকতসমূহৰ গণনা কৰা হ'ব। তাৰ পাছত ৮৫ বছৰ ঊৰ্ধৰ ভোটদাতাসকলে বেলট কাকতত দিয়া ভোটসমূহ গণনা কৰা হ'ব। দুপৰীয়াৰ ভাগত ভোটগণনাৰ ফলাফল ঘোষণা হোৱাৰ সম্ভাৱনা আছে। বিভিন্ন জ...

November 22, 2024 5:56 PM

views 22

দেশৰ কেইবাখনো ৰাজ্যত অনুষ্ঠিত বিধানসভাৰ উপ-নির্বাচনৰ ভোটগণনাৰ সকলো প্ৰস্তুতি প্রায় সম্পূৰ্ণ

মহাৰাষ্ট্ৰ আৰু ঝাৰখণ্ডৰ লগতে দেশৰ কেইবাখনো ৰাজ্যত অনুষ্ঠিত বিধানসভাৰ উপ-নির্বাচনৰ ভোটগণনাৰ বাবে সকলো প্ৰস্তুতি প্রায় সম্পূৰ্ণ হৈ উঠিছে। কাইলৈ হ'বলগীয়া ঝাৰখণ্ড বিধানসভা নিৰ্বাচনৰ ভোটগণনাৰ বাবে যাৱতীয় প্ৰস্তুতি সম্পূৰ্ণ হৈ উঠিছে। ভোটগণনা প্ৰক্ৰিয়া স্বচ্ছ আৰু নিকা কৰাৰ বাবে নিৰ্বাচন আয়োগ আৰু জিলা বিষয়াসকলে যাৱতীয় প্রস্তুতি গঢ়ি তুলিছে। অসমৰ বঙাইগাঁও, ছিদলী, চামগুৰি, বিহালী আৰু ধলাই বিধানসভা সমষ্টিৰ উপ-নির্বাচনৰ ভোটগণনাৰ বাবে সকলো প্ৰস্তুতি প্রায় সম্পূৰ্ণ হৈ উঠিছে। কাইলৈ পুৱা ৮ বজাত আটাইকেইট...

November 11, 2024 12:00 PM

views 21

অসমৰ পাঁচটা বিধানসভা সমষ্টিৰ উপ-নির্বাচনৰ প্ৰচাৰ অভিযানৰ আজি সামৰণি

অসমৰ পাঁচটা বিধানসভা সমষ্টিৰ পৰহিলৈ হ'বলগীয়া উপ-নির্বাচনৰ প্ৰচাৰ অভিযানৰ আজি বিয়লি ৫ বজাত সামৰণি পৰিব। মাজত মাত্ৰ ৮ ঘণ্টা বাকী থকা অৱস্থাত বিভিন্ন ৰাজনৈতিক দলৰ লগতে নিৰ্দলীয় প্ৰাৰ্থীসকলে প্ৰচাৰ অভিযান তীব্ৰতৰ কৰি তুলিছে। আন সমষ্টিকেইটাৰ দৰে চামগুৰি সমষ্টিতো উপ-নিৰ্বাচনৰ প্ৰস্তুতি সম্পূৰ্ণ হৈ উঠিছে। এই সন্দৰ্ভত জিলা আয়ুক্তগৰাকীয়ে নির্বাচনী নীতি-নির্দেশনাসমূহ বলৱৎ কৰাৰ বাবে সকলোৰে সহায়-সহযোগিতা কামনা কৰিছে। সমষ্টিটোত এইবাৰ মুঠ ১ লাখ ৮০ হাজাৰ ৪৪৮ গৰাকী ভোটদাতাই ভোটৰ অধিকাৰ সাব্যস্ত কৰিব। ইয়া...

November 8, 2024 12:24 PM

views 23

ৰাজ্যৰ ৫টা সমষ্টিৰ উপ-নির্বাচনৰ বাবে বিভিন্ন ৰাজনৈতিক দলৰ ব্যাপক প্ৰচাৰ অভিযান

ৰাজ্যৰ ৫টা সমষ্টিত হ'বলগীয়া উপ-নির্বাচনলৈ মাজত ৪টা দিন বাকী থকা অৱস্থাত বিভিন্ন ৰাজনৈতিক দলে ব্যাপক প্ৰচাৰ অভিযান চলাইছে। কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে আজি চিদলী আৰু বঙাইগাঁও বিধানসভা সমষ্টিত বিজেপি আৰু মিত্ৰজোঁটৰ প্ৰাৰ্থীৰ হৈ নিৰ্বাচনী প্ৰচাৰ সভাত অংশ ল'ব। মুখ্যমন্ত্ৰী তথা বিজেপিৰ জ্যেষ্ঠ নেতা হিমন্ত বিশ্ব শৰ্মাই কালি চামগুৰি আৰু বিহালী সমষ্টিৰ দলীয় প্ৰাৰ্থী দুগৰাকীৰ হৈ নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰে। অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই কালি চিদলী বিধানসভা সমষ্টিত দলীয় প্ৰাৰ্থীৰ্গৰাকী...

November 5, 2024 7:36 PM

views 25

অহা ১৩ নৱেম্বৰত হ’বলগীয়া উপ-নিৰ্বাচনৰ বাবে ৰাজনৈতিক দলসমূহৰ প্ৰচাৰ অব্যাহত

ৰাজ্যৰ পাঁচটা সমষ্টিত অহা ১৩ নৱেম্বৰত হ'বলগীয়া উপ-নিৰ্বাচনৰ বাবে ৰাজনৈতিক দলসমূহে প্ৰচাৰ অব্যাহত আছে। মুখ্যমন্ত্রী তথা বিজেপিৰ জ্যেষ্ঠ নেতা হিমন্ত বিশ্ব শৰ্মাই আজি ধলাই বিধানসভা সমষ্টিত দলীয় প্ৰাৰ্থী নিহাৰ ৰঞ্জন দাসৰ হৈ নিৰ্বাচনী সভাত অংশ লয়। ইয়াৰ পাছত মুখ্যমন্ত্ৰীয়ে প্ৰাৰ্থীৰ্গৰাকীৰ হৈ পালাংহাট উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত আয়োজিত নির্বাচনী সভাতো ভাষণ দিয়ে। বিহালী সমষ্টিত আজি মন্ত্ৰী পীযূষ হাজৰিকা, সাংসদ পৱিত্ৰ মাৰ্ঘেৰিটা, ৰঞ্জীত দত্ত, মন্ত্ৰী কেশৱ মহন্ত আৰু অতুল বৰাই প্ৰচাৰ চলায়। ...

November 2, 2024 12:36 PM

views 19

১৩ নৱেম্বৰত হ’বলগীয়া উপ-নিৰ্বাচনৰ বাবে প্ৰতিটো ৰাজনৈতিক দলৰ প্ৰচাৰ অভিযান তীব্ৰ

ৰাজ্যৰ পাঁচটা বিধানসভা সমষ্টিত অহা ১৩ নৱেম্বৰত হ'বলগীয়া উপ-নিৰ্বাচনৰ বাবে প্ৰতিটো ৰাজনৈতিক দলে প্ৰচাৰ অভিযান তীব্ৰ কৰি তুলিছে। বিশেষকৈ শাসকীয় বিজেপি, বিৰোধী দল কংগ্ৰেছৰ লগতে আঞ্চলিক দলসমূহে নিৰ্বাচনী প্ৰচাৰ চলাইছে। উল্লেখযোগ্য যে বিহালী বিধানসভা সমষ্টিত কালি বিজেপি প্রার্থী দিগন্ত ঘাটোৱাৰৰ হৈ কেন্দ্ৰীয় ৰাজ্যমন্ত্ৰী তথা বিজেপিৰ জ্যেষ্ঠ নেতা পৱিত্ৰ মাৰ্ঘেৰিটা আৰু বিধায়ক দিগন্ত কলিতাই বিভিন্ন স্থানত প্ৰচাৰ অভিযানত অংশ লয়। চামগুৰি সমষ্টিৰ বিজেপি প্রার্থী দিল্লুৰঞ্জন শৰ্মাৰ হৈ কেবিনেট মন্ত্ৰী তথ...

October 21, 2024 12:07 PM

views 21

ৰাজ্যৰ পাঁচটা বিধানসভা সমষ্টিৰ উপ-নিৰ্বাচনৰ বাবে ৰাজনৈতিক তৎপৰতা বৃদ্ধি

ৰাজ্যৰ পাঁচটা বিধানসভা সমষ্টিৰ উপ-নিৰ্বাচনৰ বাবে ৰাজনৈতিক তৎপৰতা ক্ৰমাৎ বৃদ্ধি পাইছে। শাসকীয় বিজেপিয়ে কালি ৩টা সমষ্টিৰ প্ৰাৰ্থীৰ নাম ঘোষণা কৰাৰ বিপৰীতে কংগ্ৰেছ দলেও চাৰিটা সমষ্টিৰ বাবে দলীয় প্ৰাৰ্থীৰ নাম আনুষ্ঠানিকভাৱে ঘোষণা কৰে। বিজেপিয়ে ধলাই আসনত নিহাৰ ৰঞ্জন দাস, বিহালীত দিগন্ত ঘাটোৱাৰ আৰু চামগুৰিত দিল্লুৰঞ্জন শৰ্মাক প্রার্থিত্ব প্ৰদান কৰিছে। আনহাতে কংগ্ৰেছ দলে ধলাই সমষ্টিৰ বাবে ধ্ৰুৱজ্যোতি পুৰকায়স্থ, ছিদলী সমষ্টিত সঞ্জীৱ ওৱাৰী, বঙাইগাঁৱত ব্ৰজেনজিৎ সিনহা আৰু চামগুৰি সমষ্টিৰ বাবে তানজিল হু...