December 20, 2025 12:23 PM

views 32

বি ডব্লিউ এফ ৱৰ্ল্ড ট্যুৰ ফাইনেলছত স্বাত্বিকছাইৰাজ ৰণকিৰেড্ডী আৰু চিৰাগ চেট্টিৰ ছেমি ফাইনেলত প্ৰবেশ

চীনৰ হাংঝৌত অনুষ্ঠিত বি ডব্লিউ এফ ৱৰ্ল্ড ট্যুৰ ফাইনেলছৰ ছেমি ফাইনেলৰ পুৰুষৰ ডাবলছত আজি ভাৰতৰ স্বাত্বিকছাইৰাজ ৰণকিৰেড্ডী আৰু চিৰাগ চেট্টিৰ যুটীয়ে চীনৰ লিয়াং ৱেই কেং আৰু বেং চাঙৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। গ্রুপ-বিৰ শীৰ্ষস্থানত থকা স্বাত্বিক আৰু চিৰাগ হৈছে এই প্ৰতিযোগিতাৰ ছেমি ফাইনেলত প্ৰৱেশ কৰা প্ৰথম ভাৰতীয় পুৰুষ ডাবলছ যুটী। ভাৰতৰ তাৰকা খেলুৱৈ দুগৰাকীয়ে গ্ৰুপ-পৰ্যায়ৰ অন্তিমখন খেলত মালয়েছিয়াৰ যুটীক ১৭-২১, ২১-১৮, ২১-১৫ গেমত পৰাস্ত কৰে।