October 11, 2024 7:53 PM

views 32

ভাৰতৰ তনভি শৰ্মা বি ডব্লিউ এফ ৱৰ্ল্ড জুনিয়ৰ বেডমিণ্টন চেম্পিয়নশ্বিপৰ কোৱাৰ্টাৰ ফাইনেলত পৰাস্ত

ভাৰতৰ তনভি শৰ্মা বি ডব্লিউ এফ ৱৰ্ল্ড জুনিয়ৰ বেডমিণ্টন চেম্পিয়নশ্বিপৰ ১৯ বছৰ অনূৰ্ধ্ব শাখাৰ মহিলাৰ ছিংগলছৰ কোৱাৰ্টাৰ ফাইনেলত চীনৰ শ্বু ৱেন জিঙৰ হাতত ১৩-২১, ২১–১৯, ১৫-২১ গেমত পৰাভূত হয়। একেদৰে, ভাৰতৰ আন এগৰাকী খেলুৱৈ আলিছাও চীনৰে ডাই কিন য়িৰ হাতত ১৮-২১, ১৯-২১ গেমত পৰাজিত হৈ প্ৰতিযোগিতাৰ পৰা বাহিৰ হৈছে। তনভীয়ে কালি মহিলাৰ ১৯ বছৰ অনুৰ্দ্ধৰ ছিংগলছত জাপানৰ নীনা মাটছুটাক ২১–১৮, ২১-১৩ গেমত পৰাস্ত কৰে। একেদৰে আলিছাই এই একেই শিতানত মালয়েছিয়াৰ লিম ঝি শ্বিনক ২১-১৭, ২১-১৭ গেমত পৰাভূত কৰে।