September 8, 2025 9:27 PM

views 21

ব্যৱসায়ীসকলে স্বদেশী উৎপাদনৰ ওপৰত গুৰুত্ব দিব লাগেঃ পীযুষ গোৱেল

বাণিজ্য আৰু উদ্যোগ মন্ত্ৰী পীযুষ গোৱেলে ব্যৱসায়ীসকলে স্বদেশী উৎপাদনৰ ওপৰত গুৰুত্ব দিব লাগে বুলি জোৰ দি কয়। ইয়াৰ ফলত দেশৰ উন্নয়নত সহায়ক হোৱাৰ লগতে আর্থিক সুৰক্ষাও শক্তিশালী হ'ব বুলি তেওঁ কয়। নতুন দিল্লীত আজি ভাৰতীয় অভিযান্ত্ৰিক ৰপ্তানি বিকাশ পৰিষদৰ ৫৬ সংখ্যক ৰাষ্ট্ৰীয় বঁটা প্ৰদান অনুষ্ঠানত ভাষণ দি শ্রীগোৱেলে কয় যে প্ৰত্যাহ্বানপূর্ণ গোলকীয় পৰিস্থিতিৰ পৰিপ্ৰেক্ষিততো ভাৰত এখন ৰাষ্ট্ৰ হিচাপে একত্ৰিত হৈ আছে। মন্ত্ৰীগৰাকীয়ে ১৫ আগষ্টত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে উদ্ভাৱনৰ ওপৰত গুৰুত্ব আৰোপ ...

April 9, 2025 3:06 PM

views 27

আমেৰিকাত চীনা সামগ্ৰীৰ ক্ষেত্ৰত ১০৪ শতাংশ প্রতিশুল্ক আজিৰেপৰা কাৰ্যকৰী

● আমেৰিকাত চীনা সামগ্ৰীৰ ক্ষেত্ৰত আৰোপ কৰা ১০৪ শতাংশ প্রতিশুল্ক আজিৰেপৰা কাৰ্যকৰী হৈছে। হোৱাইট হাউছ কৰ্তৃপক্ষই এটা প্ৰেছ বিজ্ঞপ্তিযোগে এই কথা ঘোষণা কৰিছে। ভাৰতৰ পৰা আমদানিকৃত সামগ্ৰীৰ ক্ষেত্ৰতো ৰাষ্ট্ৰপতি ড’নাল্ড ট্রাম্পৰ ২৬ শতাংশ শুল্ক আজিৰ পৰা কাৰ্যকৰী হৈছে। ট্ৰাম্পে তেওঁৰ লিবাৰেচন ডে অনুষ্ঠানত কৰা ঘোষণাৰ অংশ হিচাপে চলিত মাহৰ ৩ তাৰিখৰ পৰা প্ৰতিশুল্ক ঘোষণা কৰে। ভাৰতৰ উপৰি ভিয়েটনামৰ সামগ্ৰীৰ ক্ষেত্ৰত ৪৬ শতাংশ, টাইৱানৰ সামগ্ৰীৰ ওপৰত ৩২ শতাংশ, দক্ষিণ কোৰিয়াৰ সামগ্ৰীৰ ওপৰত ২৫ শতাংশ, জাপানৰ সামগ্ৰ...

January 22, 2025 3:12 PM

views 33

পানীয় প্রস্তুতকাৰী কোম্পানী AB InBev ভাৰতৰ বিভিন্ন প্ৰান্তত ২৫ কোটি ডলাৰ বিনিয়োগৰ কথা ঘোষণা

পানীয় প্রস্তুতকাৰী কোম্পানী AB InBev ভাৰতৰ বিভিন্ন প্ৰান্তত পৰৱৰ্তী ২-৩ বছৰৰ ভিতৰত ২৫ কোটি ডলাৰ বিনিয়োগৰ কথা ঘোষণা কৰিছে বুলি খাদ্য প্ৰসংস্কৰণ উদ্যোগ মন্ত্রী ছিৰাগ পাছোৱানে প্রকাশ কৰিছে। চুইজাৰলেণ্ডৰ ডাভ' ছত অনুষ্ঠিত বিশ্ব অর্থনৈতিক মঞ্চৰ বাৰ্ষিক বৈঠকত অংশ লোৱাৰ সময়তে কোম্পানীটোৰ সৈতে অনুষ্ঠিত আলোচনাৰ পাছত মন্ত্ৰীগৰাকীয়ে এই কথা প্ৰকাশ কৰে। তেওঁ কয়, যে খাদ্য প্ৰসংস্কৰণ উদ্যোগৰ ক্ষেত্ৰখনত এয়া এটা ঐতিহাসিক পদক্ষেপ হিচাপে পৰিগণিত হৈছে।ইয়াৰ ফলত নিয়োগ সৃষ্টি আৰু অৰ্থনৈতিক বিকাশৰ নতুন অধ্যায়ৰ ...

September 30, 2024 11:33 AM

views 75

চলিত মাহ পর্যন্ত ভাৰতৰ ইকুৱিটী বজাৰত বিদেশী বিনিয়োগকাৰীৰ ৫৭ হাজাৰ কোটিৰো অধিক টকা বিনিয়োগ

চলিত মাহ পর্যন্ত ভাৰতৰ ইকুৱিটী বজাৰত বিদেশী বিনিয়োগকাৰীয়ে ৫৭ হাজাৰ কোটিৰো অধিক টকা বিনিয়োগ কৰিছে। তথ্য অনুসৰি বিদেশী পর্টফলিঅ বিনিয়োগকাৰী FPI-য়ে ইকুৱিটী বজাৰত ৫৭ হাজাৰ ৩৫৯ কোটি টকা বিনিযোগ কৰিছে আৰু ই হৈছে বিগত ৯ মাহৰ ভিতৰত সৰ্বোচ্চ বিনিয়োগ। তেওঁলোকে লগতে ঋণ বজাৰত ৮৭৭ কোটি টকা বিনিয়োগ কৰিছে আৰু ইয়াৰ জৰিয়তে চলিত মাহত ভাৰতীয় মূলধনী বজাৰত মুঠ বিনিয়োগৰ পৰিমাণ ৫৮ হাজাৰ ২৩৬ কোটি টকা হৈছে। চলিত বৰ্ষত এতিয়ালৈকে বিদেশী বিনিয়োগকাৰীসকলে ভাৰতীয় মূলধনী বজাৰত মুঠ ২ লাখ ১০ হাজাৰ কোটিৰো অধিক টকা ব...