June 18, 2024 11:44 AM

views 20

পশ্চিম বংগৰ পৰিবহণ বিভাগৰ বিশেষ বাছ সেৱাৰ ব্যৱস্থা

দুৰ্ঘটনাগ্রস্ত আগৰতলা-শিয়ালদহ কাঞ্চনজংঘা এক্সপ্ৰেছৰ যাত্ৰীসকলক গন্তব্যস্থানলৈ লৈ যোৱাৰ বাবে পশ্চিম বংগৰ পৰিবহণ বিভাগে বিশেষ বাছ সেৱাৰ ব্যৱস্থা কৰিছে। শিয়ালদহ ষ্টেচনত ইতিমধ্যে যাত্ৰীসকলৰ এটা শিবিৰ স্থাপন কৰা হৈছে। পশ্চিম বংগৰ পৰিবহণ মন্ত্রী স্নেহাশিষ চক্ৰৱৰ্তী, কলকাতাৰ মেয়ৰ ফিৰহাদ হাকিম আৰু পৰিবহণ সচিব সৌমিত্র মোহন এই শিবিৰ পৰিচালনাৰ দায়িত্বত আছে। উল্লেখযোগ্য যে পশ্চিমবংগৰ ৰঙাপানী ষ্টেচনত কালি পুৱা সংঘটিত ৰে'ল দুৰ্ঘটনাত ৰে'ল কৰ্মচাৰীসহ ৯ জন লোকৰ মৃত্যু হোৱাৰ লগতে কেইবাগৰাকীও লোক আহত হয়। নিউ ...