October 3, 2024 8:01 PM
14
ঐতিহ্যমণ্ডিত বৰপেটা সত্ৰৰ বুঢ়াসত্ৰীয়া আসনত ড০ বাবুল চন্দ্র দাস অধিষ্ঠিত
ড০ বাবুল চন্দ্র দাসক আজি ঐতিহ্যমণ্ডিত বৰপেটা সত্ৰৰ বুঢ়াসত্ৰীয়া আসনত অধিষ্ঠিত কৰা হয়। সত্ৰখনৰ ২৬ সংখ্যক বুঢ়াসত্ৰীয়াৰ অভিষেক অনুষ্ঠান উপলক্ষে আজি বৰপেটাৰ উখল-মাখল পৰিৱেশৰ সৃষ্টি হৈছে। নৱনিৰ্বাচিত বুঢ়াসত্ৰীয়াগৰাকীক গায়ন-বায়ন আৰু সত্ৰৰ ভকতে আদৰি আনি ৰীতি অনুসৰি তেওঁৰ পৰা থানৰ বাতৰি লোৱাৰ লগতে ৰাজহুৱা আশীৰ্বাদ প্ৰদান কৰা হয়। ইয়াৰ পাছত তেওঁক গুৰু আসনৰ পাছফালে থকা বুঢ়াসত্ৰীয়াৰ আসনত অধিষ্ঠিত কৰি সত্ৰৰ ঘাই দেউৰী নাৰায়ণ আতৈয়ে শিৰত মালা-নিৰ্মালী অৰ্পণ কৰে। আজিৰ এই বিশেষ অনুষ্ঠানত জিনকাটা সত্...