July 22, 2024 11:52 AM

views 24

সংসদৰ বাজেট অধিবেশন আৰম্ভ

সংসদৰ বাজেট অধিবেশন আজি আৰম্ভ হৈছে। ১২ আগষ্টত সমাপ্ত হ'বলগীয়া এই অধিৱেশনত ১৬ খন বৈঠক অনুষ্ঠিত হ'ব। আমাৰ সংবাদদাতাই জনোৱা মতে, অধিৱেশনৰ প্ৰথম দিনা বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমনে সদনত ২০২৩-২৪ বিত্তীয় বৰ্ষৰ অৰ্থনৈতিক জৰীপ দাখিল কৰিব। অর্থনৈতিক জৰীপে অৰ্থব্যৱস্থাৰ বিভিন্ন খণ্ডৰ পাৰিসাংখ্যিক তথ্য আৰু বিশ্লেষণ আগবঢ়ায়। ইয়াৰ জৰিয়তে কর্ম সংস্থাপন, মুঠ ঘৰুৱা উৎপাদনৰ বিকাশ আৰু মুদ্রাস্ফীতিৰ তথ্যও লাভ কৰিব পৰা যায়। বিত্তমন্ত্ৰীগৰাকীয়ে কাইলৈ সদনত ২০২৪-২৫ বৰ্ষৰ বাবে কেন্দ্ৰীয় বাজেট দাখিল কৰিব। এয়া হ'...

July 18, 2024 12:40 PM

views 19

অহা ২২ জুলাইৰ পৰা সংসদৰ বাজেট অধিৱেশন

সংসদৰ বাজেট অধিৱেশন অহা ২২ জুলাইত আৰম্ভ হ'ব। এই অধিৱেশনৰ ১২ আগষ্টত সামৰণি পৰিব। ২৩ জুলাইত বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমনে ২০২৪-২৫ বিত্তীয় বৰ্ষৰ কেন্দ্ৰীয় বাজেট সদনত দাখিল কৰিব। বিত্ত মন্ত্রী সীতাৰমনে লোকসভা নিৰ্বাচনৰ পূৰ্বে অন্তৰ্ৱৰ্তী বাজেট উত্থাপন কৰিছিল। এইবাৰৰ বাজেটে দেশৰ দ্ৰুত উন্নয়নৰ ধাৰা অব্যাহত ৰাখিব পৰাকৈ বিভিন্ন সুবিধা নিশ্চিত কৰাৰ লগতে অধিক নিয়োগৰ সুবিধা প্ৰদান কৰিব বুলি আশা কৰা হৈছে। প্ৰধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে ইতিমধ্যে পৰৱৰ্তী ৫টা বছৰ ভাৰতে দৰিদ্ৰতাৰ বিৰুদ্ধে যুঁজ দিয়াৰ ক্ষেত...