March 10, 2025 12:57 PM

views 11

আজি সংসদৰ বাজেট অধিবেশনৰ দ্বিতীয় পৰ্যায় আৰম্ভ

সংসদৰ বাজেট অধিবেশনৰ দ্বিতীয় পৰ্যায় আজি আৰম্ভ হৈছে। ৪ এপ্ৰিললৈ চলিবলগীয়া এই অধিবেশনত ২০ খন বৈঠক অনুষ্ঠিত হ'ব। বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমনে আজি মণিপুৰৰ বাবে বিশেষ বাজেট উত্থাপন কৰাৰ কথা। যোৱা মাহত মুখ্যমন্ত্ৰী এন বীৰেন সিঙে পদত্যাগ কৰাৰ পাছত ৰাজ্যখনত সম্প্ৰতি ৰাষ্ট্ৰপতি শাসন জাৰি কৰা হৈছে। এই পৰ্যায়ত ২০২৫-২৬ বৰ্ষৰ দাবী মঞ্জুৰী প্ৰস্তাৱ আৰু আনুসংগিক বিনিয়োজন বিধেয়ক সন্দৰ্ভত আলোচনা আৰু ভোটদান হ'ব। ইয়াৰ উপৰি বেংকিং আইন সংশোধনী বিধেয়ক, উপকূলীয় নৌ পৰিবহন বিধেয়ক, ত্রিভূৱন চহকাৰী বিশ্ববিদ্যা...