March 11, 2025 11:54 AM

views 30

ৰাজ্যখনৰ ১০০০ গৰাকী যুৱ লেখকলৈ ২৫ হাজাৰ টকাৰ আৰ্থিক সাহায্য

 অসম চৰকাৰে সৃষ্টিশীল বিজ্ঞানসন্মত আৰু শৈক্ষিক বিষয়ৰ লেখাৰে বৰঙণি আগবঢ়োৱা ৰাজ্যখনৰ এহেজাৰ গৰাকী যুৱ লেখকলৈ ২৫ হাজাৰ টকাকৈ আৰ্থিক সাহায্য আগবঢ়াব। কালি বিত্তমন্ত্রী অজন্তা নেওগে বাজেট ভাষণত এই বিষয়ে প্ৰকাশ কৰি কয়, যে ৰাজ্য চৰকাৰে চলিত বৰ্ষটো কিতাপৰ বৰ্ষ হিচাপে ঘোষণা কৰিছে। এই অনুসৰি সাহিত্য চৰ্চা আৰু গ্ৰন্থ সংস্কৃতিৰ প্ৰসাৰৰ ক্ষেত্ৰত উৎসাহিত কৰাৰ বাবে এই পদক্ষেপ লোৱা হৈছে বুলি বিত্তমন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে। তদুপৰি অসম প্ৰকাশন পৰিষদৰ অনুমোদন মৰ্মে গ্ৰন্থমেলা অনুষ্ঠিত কৰিবলৈ জিলা সদৰৰ বাবে ৫ ...

March 11, 2025 11:52 AM

views 42

অসম বিধানসভাত ২০২৫-২৬ বিত্তীয় বৰ্ষৰ বাজেটক লৈ শাসক-বিৰোধীৰ মিশ্রিত প্ৰতিক্ৰিয়া

অসম বিধানসভাত কালি দাখিল হোৱা ২০২৫-২৬ বিত্তীয় বৰ্ষৰ বাজেটক লৈ শাসক-বিৰোধীৰ মিশ্রিত প্ৰতিক্ৰিয়া পৰিলক্ষিত হৈছে। শাসনধিস্থিত বিজেপিৰ লগতে মিত্রদল অসম গণ পৰিষদে বাজেটখনক জনমুখী আখ্যা দিছে। বাজেটখনে জনসাধাৰণৰ জীৱন যাত্ৰা সহজ কৰি ৰাজ্যখনৰ উন্নয়নক নতুন গতি দিব বুলি মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই প্রকাশ কৰিছে। মুখ্যমন্ত্ৰীয়ে কালি এখন সংবাদমেল সম্বোধন কৰি কয়, যে ২০১৫ চনৰ পৰা ৰাজ্যখনৰ মুঠ ঘৰুৱা উৎপাদন ৰাষ্ট্ৰীয় মুঠ ঘৰুৱা উৎপাদনৰ তুলনাত বৃদ্ধি পাইছে। দাখিল কৰা বাজেট অনুসৰি অসম কম পৰিমাণে ঋণ গ্ৰ...

March 11, 2025 11:51 AM

views 30

মহাকাশত অসমৰ বাবে নিজাকৈ কৃত্ৰিম উপগ্ৰহ স্থাপন কৰিবলৈ বাজেটত সিদ্ধান্ত

মহাকাশত অসমে নিজাকৈ কৃত্ৰিম উপগ্ৰহ স্থাপনৰ বাবে বাজেটত লোৱা প্ৰস্তাৱ সন্দৰ্ভত কালি বিত্ত মন্ত্ৰীয়ে সদৰি কৰে। ভাৰতীয় ৰাষ্ট্ৰীয় মহাকাশ উদগনি আৰু কৰ্তৃত্ব প্ৰদান কেন্দ্ৰৰ সহযোগত আৰ্থ-সামাজিক প্রকল্পসমূহৰ ৰূপায়ণৰ ক্ষেত্ৰত নিৰ্ভৰযোগ্য আৰু অবিৰত তথ্যৰ সৰবৰাহ নিশ্চিত কৰাৰ বাবে অসমে আছাম ছেট নামৰ এই কৃত্রিম উপগ্রহ সংস্থাপন কৰিবলৈ বিচাৰিছে। অসমীয়া চলচ্চিত্র, সাহিত্য, লোকসংগীত আৰু তথ্যচিত্ৰকে ধৰি বিভিন্ন সমল সংৰক্ষণ কৰিবলৈ ৰাজ্য চৰকাৰে নিজাকৈ ও টি টি প্লেটফৰ্ম মুকলি কৰিব বুলি বিত্ত মন্ত্ৰীয়ে বাজেট ভ...

February 10, 2025 8:21 PM

views 36

দেশৰ প্ৰতিৰক্ষা বাজেট ২০১৩-১৪ বৰ্ষৰ ২ লাখ কোটি টকাৰ বিপৰীতে বর্তমান ৬ লাখ ৮১ হাজাৰ কোটি টকালৈ বৃদ্ধি

লোকসভাত আজি ২০২৫–২৬ বিত্তীয় বৰ্ষৰ সাধাৰণ বাজেটৰ সন্দৰ্ভত আলোচনা কৰা হয়। ডি এম কেৰ সাংসদ দয়ানিধি মৰাণে বর্তমান বাজেটখন সম্পূৰ্ণৰূপে পুঁজিপতিৰ পক্ষত থকা বুলি অভিযোগ কৰি কয়, যে চৰকাৰে মুদ্রাস্ফীতি, নিবনুৱা সমস্যাকে ধৰি জনসাধাৰণৰ প্ৰকৃত সমস্যাসমূহ সমাধান কৰাত বিফল হৈছে। তেওঁ ভাৰতৰ অৰ্থনীতি মন্থৰ হৈছে বুলি অভিযোগ কৰি কয়, যে দেশত বিগত বৰ্ষত মুঠ ঘৰুৱা উৎপাদন ৬.৪ শতাংশ হয়। তেওঁ লগতে কয়, যে আমেৰিকান ডলাৰৰ বিপৰীতে ভাৰতৰ টকাৰ মূল্য সৰ্বনিম্ন হৈছে। কংগ্ৰেছৰ মনিষ তিৱাৰীয়ে কয়, যে চৰকাৰে বিমুদ্ৰাকৰণৰ ...

January 31, 2025 6:53 PM

views 30

কাইলৈ লোকসভাত ২০২৫-২৬ বিত্তীয় বৰ্ষৰ সাধাৰণ বাজেট উত্থাপন

কেন্দ্রীয় বিত্ত মন্ত্রী নির্মলা সীতাৰমণে কাইলৈ লোকসভাত ২০২৫-২৬ বিত্তীয় বৰ্ষৰ সাধাৰণ বাজেট উত্থাপন কৰিব। নৰেন্দ্ৰ মোদী চৰকাৰে গ্ৰহণ কৰা সিদ্ধান্ত অনুসৰি যোৱা বছৰ সমূহৰ দৰে এইবাৰো পৃথকে কোনো ৰে'ল বাজেট উত্থাপন কৰা নহয়। মূল কেন্দ্রীয় বাজেটতে বিত্তমন্ত্ৰী সীতাৰমণে ৰে'ল বিভাগৰ বাবে পৰৱৰ্তী বিত্তীয় বছৰৰ আয়-ব্যয়ৰ খতিয়ান আৰু আঁচনি দাঙি ধৰিব। বিত্ত মন্ত্ৰীৰে কাইলৈ বাজেট দাখিল কৰি সদনত দিয়া ভাষণ আকাশবাণীয়ে পোনপটীয়াকৈ প্ৰচাৰ কৰিব। আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ মহাবাহু শাখাত দিনৰ ১০ বাজি ১০ মিনিটৰ প...

January 31, 2025 3:45 PM

views 26

সংসদৰ দুমাহজোৰা বাজেট অধিবেশন আৰম্ভ

সংসদৰ দুমাহজোৰা বাজেট অধিবেশন আজি আৰম্ভ হৈছে। অধিবেশনৰ আৰম্ভণিৰ দিনা ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৱে সংসদৰ উভয় সদনৰ যুটীয়া বৈঠকত ভাষণ দিয়ে। ৰাষ্ট্ৰপতি শ্ৰীমতী মুৰ্মুৱে ভাষণৰ আৰম্ভণিতে উত্তৰ প্ৰদেশৰ প্ৰয়াগৰাজৰ কুম্ভমেলাত হোৱা হেঁচা-ঠেলাৰ ঘটনাত পদপিষ্ট হৈ প্ৰাণ হেৰুওৱা ভক্তসকলৰ লগতে ২৪ ডিচেম্বৰত দেহাৱসান ঘটা প্ৰাক্তন প্রধানমন্ত্রী ড০ মনমোহন সিঙলৈ শ্রদ্ধা নিবেদন কৰে। ৰাষ্ট্ৰপতিয়ে কয় যে মোদী চৰকাৰৰ তৃতীয় কার্যকালত তিনিগুণ ক্ষীপ্ৰতাৰে কাম হৈছে। শ্ৰীমতী মুর্মুৱে কয় যে কেন্দ্রীয় চৰকাৰে দেশ...

January 31, 2025 10:34 AM

views 33

আজিৰে পৰা সংসদৰ বাজেট অধিৱেশন

■ সংসদৰ বাজেট অধিৱেশন আজি আৰম্ভ হ'ব। অধিৱেশনৰ আৰম্ভণিতে ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুর্মুৱে সংসদৰ উভয় সদনৰ যুটীয়া বৈঠকক উদ্দেশি দিয়া ভাষণ দিব। ৰাষ্ট্ৰপতিৰ অভিভাষণৰ পাছতেই কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমনে সদনত অর্থনৈতিক সমীক্ষা দাখিল কৰিব। বিত্তমন্ত্ৰী সীতাৰমনে কাইলৈ সংসদত ২০২৫-২৬ বিত্তীয় বৰ্ষৰ বাবে কেন্দ্ৰীয় বাজেট দাখিল কৰিব। সোমবাৰে ৰাজ্যসভা আৰু লোকসভাত ৰাষ্ট্ৰপতি ভাষণৰ প্রতি ধন্যবাদ সূচক প্ৰস্তাৱ সন্দৰ্ভত আলোচনা হ'ব। বাজেট অধিৱেশনৰ সময়ছোৱাত বিত্ত বিধেয়ক ২০২৫, ৱাল্ফ সংশোধনী বিধেয...