July 23, 2024 6:16 PM

views 37

লোকসভাত আজি নিৰ্মলা সীতাৰমনৰ ২০২৪-২৫ বিত্তীয় বৰ্ষৰ সাধাৰণ বাজেট দাখিল

২০২৪-২৫ বিত্তীয় বৰ্ষৰ সাধাৰণ বাজেটত সকলোৰে বাবে সুযোগ সৃষ্টিৰ উদ্দেশ্যে ৯টা অগ্ৰাধিকাৰৰ কথা উল্লেখ কৰা হৈছে। এই অগ্ৰাধিকাৰসমূহ হৈছে – উৎপাদনশীলতা আৰু কৃষিৰ স্থিতিস্থাপকতা, কৰ্ম সংস্থাপন আৰু দক্ষতাৰ বিকাশ, সৰ্বাত্মক মানৱ সম্পদ উন্নয়ন আৰু সামাজিক ন্যায়, নিৰ্মাণ আৰু সেৱা, নগৰ উন্নয়ন, শক্তি সুৰক্ষা, আন্তঃগাঁথনি, উদ্ভাৱন, গৱেষণা আৰু উন্নয়ন তথা পৰৱৰ্তী প্ৰজন্মৰ সংস্কাৰ । কেন্দ্ৰীয় বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমনে আজি লোকসভাত বাজেট দাখিল কৰি কৃষি, অতি ক্ষুদ্ৰ ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগ, নিৰ্মাণ আৰু...

July 22, 2024 7:31 PM

views 24

সংসদত কাইলৈ বিত্তমন্ত্রী নির্মলা সীতাৰমনৰ ২০২৪-২৫ বৰ্ষৰ বাজেট দাখিল

সংসদৰ বাজেট অধিৱেশন আজি আৰম্ভ হৈছে। কাইলৈ বিত্তমন্ত্রী নির্মলা সীতাৰমনে ২০২৪-২৫ বৰ্ষৰ বাজেট দাখিল কৰিব। আজি বিত্তমন্ত্ৰীগৰাকীয়ে সদনত চলিত বিত্তীয় বৰ্ষৰ বাবে ৬ দশমিক ৫ৰ পৰা ৭ শতাংশ মুঠ ঘৰুৱা উৎপাদন বৃদ্ধিৰ সম্ভাৱনাৰে অৰ্থনৈতিক সমীক্ষা দাখিল কৰে। ইপিনে, সদনত কাইলৈ দাখিল কৰিবলগীয়া কেন্দ্ৰীয় বাজেটে দেশৰ পৰৱৰ্তী ৫ বছৰৰ কাৰ্যকলাপৰ বাবে দিশ নিৰ্ণয় কৰাৰ লগতে ২০৪৭ বৰ্ষৰ বিকশিত ভাৰতৰ সপোনক বাস্তৱায়িত কৰাৰ বাবে ভেটি নির্মাণ কৰিব বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মন্তব্য কৰিছে। আজি সংসদৰ বাজেট অধিৱে...

July 20, 2024 6:00 PM

views 34

সংসদৰ বাজেট অধিৱেশনৰ প্ৰতি লক্ষ্য ৰাখি চৰকাৰে কাইলৈ এখন সৰ্বদলীয় বৈঠকৰ আয়োজন কৰিছে

সংসদৰ বাজেট অধিৱেশনৰ প্ৰতি লক্ষ্য ৰাখি চৰকাৰে কাইলৈ এখন সৰ্বদলীয় বৈঠকৰ আয়োজন কৰিছে। এই বৈঠকত চৰকাৰে সংসদৰ দুয়োখন সদনৰ কামকাজ সুচাৰুৰূপে চলাই নিয়াৰ বাবে সকলো দলৰ সহায়-সহযোগিতা বিচাৰিব। বাজেট অধিৱেশন সোমবাৰে আৰম্ব হ'ব আৰু ১২ আগষ্টলৈকে চলিব। কেন্দ্রীয় বাজেট ২৩ জুলাইত দাখিল কৰা হ'ব। এইখন হ'ব নৰেন্দ্ৰ মোদী চৰকাৰৰ তৃতীয়টো কাৰ্যকালৰ প্ৰথমখন বাজেট। যোৱা মাহত সংসদৰ দুয়োখন সদনৰ যৌথ অধিৱেশনত ৰাষ্ট্ৰপতি শ্রীমতী দ্রৌপদী মুর্মুৱে উল্লেখ কৰিছিল যে, এইবছৰৰ সাধাৰণ বাজেটত চৰকাৰৰ বিভিন্ন দূৰদৰ্শী আঁচনি আৰু...

July 18, 2024 5:08 PM

views 22

সংসদৰ বাজেট অধিবেশনৰ পূৰ্বে দেওবাৰে সৰ্বদলীয় বৈঠকৰ আহ্বান

চৰকাৰে সংসদৰ বাজেট অধিবেশনৰ পূৰ্বে দেওবাৰে এখন সৰ্বদলীয় বৈঠকৰ আহ্বান কৰিছে। বৈঠকত চৰকাৰে সংসদৰ উভয় সদনৰ কাম-কাজ সুচাৰুৰূপে আগবঢ়াই নিয়াৰ বাবে সকলোধৰণৰ সহযোগিতা কামনা কৰিব। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৱে যোৱা মাহত সংসদৰ উভয় সদনৰ যুটীয়া বৈঠকক সম্বোধন কৰি এইবাৰৰ বাজেট চৰকাৰৰ সুদূৰপ্ৰসাৰী নীতি আৰু ভৱিষ্যৎ পৰিকল্পনাৰ নথি হ'ব বুলি প্ৰকাশ কৰিছিল।

July 18, 2024 5:00 PM

views 32

অহা ২২ জুলাইৰ পৰা সংসদৰ বাজেট অধিবেশন আৰম্ভ হ’ব

সংসদৰ বাজেট অধিবেশন অহা ২২ জুলাইত আৰম্ভ হ'ব। এই অধিবেশনৰ ১২ আগষ্টত সামৰণি পৰিব। ২৩ জুলাইত বিত্ত মন্ত্রী নির্মলা সীতাৰমনে ২০২৪-২৫ বিত্তীয় বৰ্ষৰ কেন্দ্ৰীয় বাজেট সদনত দাখিল কৰিব। বিত্ত মন্ত্ৰী সীতাৰমনে লোকসভা নিৰ্বাচনৰ পূৰ্বে অন্তৱৰ্তী বাজেট উত্থাপন কৰিছিল। এইবাৰৰ বাজেটে দেশৰ দ্ৰুত উন্নয়নৰ ধাৰা অব্যাহত ৰাখিব পৰাকৈ বিভিন্ন সুবিধা নিশ্চিত কৰাৰ লগতে অধিক নিয়োগৰ সুবিধা প্ৰদান কৰিব বুলি আশা কৰা হৈছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ইতিমধ্যে পৰৱৰ্তী ৫টা বছৰ ভাৰতে দৰিদ্ৰতাৰ বিৰুদ্ধে যুঁজ দিয়াৰ ক্ষেত্ৰ...