September 22, 2024 11:55 AM
19
বুডাপেষ্ট ডবা অলিম্পিয়াডৰ মুকলি শাখাত আমেৰিকাৰ বিৰুদ্ধে ভাৰতৰ জয়লাভ
হাংগেৰীৰ বুডাপেষ্টত অনুষ্ঠিত হৈ থকা ডবা অলিম্পিয়াডৰ মুকলি শাখাত কালি ভাৰতে আমেৰিকাক পৰাস্ত কৰে। মুকলি শাখাত ভাৰতৰ গুকেশে বিশ্বৰ ২ নম্বৰ স্থানত থকা আমেৰিকান খেলুৱৈ ফেবিয়ানো কাৰুআনাক পৰাস্ত কৰাৰ বিপৰীতে অর্জুনে লেইনিয়াৰ ডমিংগেজ পেৰেজৰ বিৰুদ্ধে বিজয় সাব্যস্ত কৰে। অৱশ্যে ভাৰতৰ প্ৰাগনানন্দা ৱেছলী ছ'ৰ হাতত পৰাস্ত হোৱাৰ বিপৰীতে বিদিত গুজৰাৰ্থী আৰু লেভন আৰোনিয়ানৰ খেলখন ড্র হয়। এই প্ৰদৰ্শনেৰে ভাৰতে দশম ৰাউণ্ডৰ অন্তত ১৯ পইণ্টেৰে প্রতিযোগিতাৰ শীৰ্ষস্থান দখল কৰিবলৈ সক্ষম হৈছে। মহিলা শাখাত ভাৰতে চীনক প...