August 24, 2025 12:37 PM

views 37

কোকৰাঝাৰ জিলা ভ্ৰমণেৰে অসম আৰক্ষীৰ সঞ্চালক প্ৰধানৰ আইন-শৃংখলা পৰিস্থিতি পর্যালোচনা

সমাগত বিটিচি নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত অসম আৰক্ষীৰ সঞ্চালক প্ৰধান হৰমিত সিঙে কালি কোকৰাঝাৰ জিলা ভ্ৰমণ কৰি জিলাখনৰ আইন-শৃংখলা পৰিস্থিতি পর্যালোচনা কৰে। তেওঁ জিলা আৰক্ষী বিষয়াসকলৰ সৈতে বৈঠকতো মিলিত হয়। সঞ্চালক প্ৰধানগৰাকীয়ে নির্বাচন শান্তিপূৰ্ণ আৰু নিয়াৰিকৈ পৰিচালনা কৰাৰ বাবে আইন শৃংখলা ব্যৱস্থা শক্তিশালী কৰি তুলিবলৈ নিৰ্দেশ দিয়ে। তেওঁ লগতে এই নির্বাচন পৰিচালনাৰ বাবে অসম আৰক্ষী সম্পূৰ্ণৰূপে সাজু বুলিও মন্তব্য কৰে।

August 5, 2025 11:23 AM

views 40

বি টি চি পৰিষদীয় নিৰ্বাচনৰ বাবে শাসক-বিৰোধী দলৰ প্ৰচাৰ অভিযান তুংগত

■ বি টি চি পৰিষদীয় নিৰ্বাচনৰ দিন আনুষ্ঠানিকভাৱে ঘোষণা কৰা হোৱা নাই যদিও সম্প্রতি শাসক-বিৰোধী দলৰ প্ৰচাৰ অভিযান তুংগত উঠিছে। ইউ পি পি এলৰ সৈতে মিত্ৰতা বজাই ৰাখি বিজেপিয়ে পৰিষদীয় নির্বাচনত নিজা প্ৰাৰ্থী দিব বুলি ঘোষণা কৰাৰ পাছত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাকে ধৰি বিভিন্নজনে প্ৰচাৰ অভিযান অব্যাহত ৰাখিছে। হাগ্ৰামা মহিলাৰী নেতৃত্বাধীন বি পি এফে কালি ২২ টা পৰিষদীয় সমষ্টিৰ বাবে প্ৰাৰ্থীৰ তালিকা প্রকাশ কৰি নিৰ্বাচনক নতুন মাত্ৰা প্ৰদান কৰিছে। কোকৰাঝাৰৰ দেৱৰগাঁও সমষ্টিত হাগ্ৰামা মহিলাৰীয়ে নিজে প...

July 14, 2025 10:41 AM

views 24

তামুলপুৰত জাতীয় সংগঠন সমূহৰ ইতিবাচক মনোভাবৰ প্ৰশংসা বি টি আৰৰ মুখ্য কাৰ্যবাহী প্রমোদ বড়োৰ

● বি টি আৰৰ মুখ্য কাৰ্যবাহী প্রমোদ বড়োৱে কালি সন্ধিয়া তামুলপুৰত অনুষ্ঠিত এখন সভাত অংশগ্রহণ কৰি জাতীয় সংগঠন সমূহৰ ইতিবাচক মনোভাবৰ প্ৰশংসা কৰে। গয়বাৰী ব্লক ইউ পি পি এলৰ উদ্যোগত অনুষ্ঠিত এই সভাত বি টি আৰৰ প্ৰধানগৰাকীয়ে অঞ্চলটোৰ শতাধিক জ্যেষ্ঠ নাগৰিকৰ সৈতে মত-বিনিময় কৰে। তামুলপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত এই সভাত তামুলপুৰৰ বিধায়ক জলেন দৈমাৰীৰ লগতে বহু কেইগৰাকী দলীয় নেতাকর্মী উপস্থিত থাকে। সভাৰ অন্তত সাংবাদিকৰে সৈতে হোৱা কথা-বতৰাত মুখ্য কাৰ্যবাহী বড়োৱে বি টি আৰৰ উন্নয়...

July 11, 2025 7:54 PM

views 24

বি টি চিৰ প্ৰতিটো পৰিষদীয় সমষ্টিত আজি হিতাধিকাৰী আৰ্থ-সামাজিক সজাগতা সভা অনুষ্ঠিত

বি টি চিৰ প্ৰতিটো পৰিষদীয় সমষ্টিত আজি হিতাধিকাৰী আৰ্থ-সামাজিক সজাগতা সভা অনুষ্ঠিত হয়। ওদালগুৰি জিলাৰ মুদৈবৰি পৰিষদীয়া সমষ্টিৰ কলাইগাঁৱত অনুষ্ঠিত সভাত বি টি আৰৰ মুখ্য কাৰ্যবাহী সদস্য প্রমোদ বড়োৰ লগতে ৰাজ্য চৰকাৰৰ মন্ত্ৰী ইউ জি ব্রহ্ম, ইউ পি পি এলৰ নেতা খাম্ফা বৰগয়াৰিকে ধৰি দলটোৰ বহু কেইগৰাকী নেতা-কর্মী উপস্থিত থাকে। সভাত বি টি চিৰ মুখ্য কাৰ্যবাহী সদস্য প্রমোদ বড়োৱে সভাত উপস্থিত লোকসকলক উদ্দেশ্যি দিয়া ভাষণত কেন্দ্ৰ, ৰাজ্য আৰু পৰিষদীয় চৰকাৰখনে জনসাধাৰণৰ বাবে ৰূপায়ণ কৰি অহা ধবজাবাহী আঁচনিসম...

June 27, 2025 12:50 PM

views 36

সমাগত বি টি চি নিৰ্বাচনৰ বাবে বিভিন্ন ৰাজনৈতিক দলসমূহৰ নিৰ্বাচনী ৰণকৌশল প্রস্তুত

সমাগত বি টি চি নিৰ্বাচনৰ বাবে বি চি আৰ এলেকাত বিভিন্ন ৰাজনৈতিক দলসমূহে নিজৰ নিৰ্বাচনী ৰণকৌশল প্রস্তুত কৰাত ব্যস্ত হৈ পৰিছে ৷ মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে কালি বাক্সা জিলাৰ জালাহত দলীয় কৰ্মীক সাক্ষাৎ কৰি অঞ্চলটোত দলৰ স্থিতি সম্পৰ্কে আলোচনা কৰে। সাংবাদিকৰ সৈতে হোৱা কথা-বতৰাত মন্ত্ৰীগৰাকীয়ে কয়, যে প্ৰতিটো পৰিষদীয় সমষ্টিৰ ৩০ গৰাকী কাৰ্যকৰ্তাক বুথ সমূহৰ তথ্য আহৰণৰ দায়িত্ব দিয়া হৈছিল। তেওঁ ককলাবাৰী পৰিষদীয় সমষ্টিত ভাৰতীয় জনতা পাৰ্টীৰ প্ৰাৰ্থী জয়ী হ'ব বুলি আশা প্ৰকাশ কৰে। বি টি এডিৰ পাঁচখন জিলাতে ...

February 24, 2025 8:28 PM

views 26

বি টি চিৰ ক্ৰীড়া আৰু যুৱ কল্যাণ বিভাগৰ সঞ্চালকৰ কাৰ্যালয়ৰ উদ্যোগত বিভাগটোৰ কৰ্মচাৰীসকলৰ বাবে প্ৰশিক্ষণ কাৰ্যসূচী

বি টি চিৰ ক্ৰীড়া আৰু যুৱ কল্যাণ বিভাগৰ সঞ্চালকৰ কাৰ্যালয়ৰ উদ্যোগত আজি কোকৰাঝাৰত বিভাগটোৰ কৰ্মচাৰীসকলৰ বাবে এটা প্ৰশিক্ষণ কাৰ্যসূচী অনুষ্ঠিত হয়। বি টি চিৰ ক্ৰীড়া আৰু যুৱকল্যাণ বিভাগৰ কাৰ্যবাহী সদস্য ডাউবৈচা বড়োৱে এই কাৰ্যসূচীৰ শুভাৰম্ভ কৰে। বিভাগটোৰ বিষয়া-কৰ্মচাৰীসকলৰ সংশ্লিষ্ট ক্ষেত্ৰত জ্ঞান আৰু দক্ষতা বৃদ্ধি উপৰি তেওঁলোকক কাম-কাজ ক্ষিপ্ৰতাৰে কৰাৰ কৌশল আয়ত্ব কৰোৱাৰ বাবে এই অনুষ্ঠানৰ আয়োজন কৰা হয়।

February 24, 2025 6:54 PM

views 27

এডভান্টেজ আছাম শীর্ষ সন্মিলনত বি টি চি প্ৰশাসনৰ তৰফৰ পৰা এখন প্ৰদৰ্শনি মুকলি কৰা হ’ব

এডভান্টেজ আছাম শীর্ষ সন্মিলনত বি টি চি প্ৰশাসনৰ তৰফৰ পৰা এখন প্ৰদৰ্শনি মুকলি কৰা হ'ব। চিৰাং জিলাৰ সদৰ কাজলগাঁৱত বি টি চিৰ মুখ্য কাৰ্যবাহী সদস্য প্রমোদ বড়োৱে এই বিষয়ে প্রকাশ কৰে। এই প্ৰদৰ্শনীত বি টি আৰৰ পৰ্যটনৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ স্থানসমূহৰ তথ্য, হস্ততাত শিল্প, কৃষি আৰু অঞ্চলটোত ৰূপায়ণ কৰা বিভিন্ন আঁচনিৰ বিষয়ে আলোকপাত কৰা হ'ব। এই সন্মিলনে বি টি আৰক উপকৃত কৰিব বুলি শ্ৰী বড়োৱে আশা প্রকাশ কৰে।

January 27, 2025 6:56 PM

views 31

বিটিচিত আজি বি টি আৰ চুক্তি আৰু বড়ো শান্তি চুক্তিৰ পঞ্চম বার্ষিকীৰ বিভিন্ন কাৰ্যসূচী ৰূপায়ণ

বি টি আৰ চুক্তি আৰু বড়ো শান্তি চুক্তিৰ পঞ্চম বার্ষিকী উপলক্ষে বিটিচিত শান্তি, সম্প্ৰীতি আৰু উন্নয়নৰ লক্ষ্যৰে আজি বিভিন্ন কাৰ্যসূচী গ্ৰহণ কৰা হয়। বড়োলেণ্ড আঞ্চলিক পৰিষদ, বি টি চিৰ উদ্যোগত কোকৰাঝাৰত আজিৰ পৰা দুদিনীয়া কাৰ্যসূচীৰে আয়োজিত অনুষ্ঠানৰ প্ৰথম দিনা এটা মটৰ চাইকেল সমদল উলিওৱা হয়। আজি বিয়লিৰ ভাগত বডোফা সাংস্কৃতিক প্রকল্পত বড়োলেণ্ড এচিভাৰ্ছ এৱাৰ্ড সমাৰোহৰ আয়োজন কৰা হৈছে। এই সমাৰোহত অঞ্চলটোৰ উন্নয়নৰ প্ৰতি বিশেষ বৰঙণি আগবঢ়োৱা বিভিন্ন বিভাগৰ সৈতে জড়িত ৮৫ গৰাকী ব্যক্তিৰ লগতে আন ৫৬ গৰ...

December 13, 2024 6:41 PM

views 28

কোকৰাঝাৰত বাণীকান্ত কাকতি মেধা বঁটাৰ অধীনত স্কুটিকে ধৰি অন্যান্য সাহায্য সামগ্ৰী আৰু নগদ ধন বিতৰণ প্রমোদ বড়োৰ

বিটিচিৰ মুখ্য কাৰ্যবাহী সদস্য প্রমোদ বড়োৱে আজি কোকৰাঝাৰত বাণীকান্ত কাকতি মেধা বঁটাৰ অধীনত স্কুটিকে ধৰি অন্যান্য সাহায্য সামগ্ৰী আৰু নগদ ধন বিতৰণ কৰে। মুখ্য মন্ত্ৰীৰ বিশেষ আঁচনিৰ অধীনত ১১,৫০৪ খন চাইকেল নৱম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীৰ মাজত বিতৰণ কৰা হয়। বাণীকান্ত কাকতি মেধা বঁটাৰ অধীনত ৩৭৩ খন স্কুটি আৰু আনন্দৰাম বৰুৱা মেধা বঁটাৰ অধীনত ৩৬৫ গৰাকী ছাত্ৰ-ছাত্ৰীক নগদ ধন প্ৰদান কৰা হয়।

December 6, 2024 10:36 AM

views 31

বড়োলেণ্ড আঞ্চলিক পৰিষদ বিধান পালিকালৈ ২জন নতুন কাৰ্যবাহী সদস্য মনোনীত ৰাজ্যপালৰ

ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচার্যই বড়োলেণ্ড আঞ্চলিক পৰিষদ বিধান পালিকালৈ দুজন নতুন কাৰ্যবাহী সদস্য মনোনীত কৰিছে। এওঁলোক হৈছে সজল কুমাৰ সিংহ আৰু ছাইকং বসুমতাৰী। বি টি চিৰ মুখ্য কাৰ্যবাহী সদস্য প্রমোদ বড়োৰ পৰামৰ্শ অনুসৰি এই দুজন সদস্যক কার্যবাহী সদস্যৰূপে নিযুক্তি দিয়া হৈছে। এই নতুন অন্তৰ্ভুক্তিৰ ফলত বি টি চিত বিভিন্ন শ্ৰেণীৰ জনসাধাৰণৰ প্ৰতিনিধিত্ব বৃদ্ধি পোৱাৰ লগতে কাৰ্যবাহী পৰিষদৰ কার্যক্ষমতা অধিক বৃদ্ধি পাব বুলি আমাৰ কোকৰাঝাৰৰ সংবাদদাতাই জনাইছে।