August 5, 2025 11:23 AM

views 40

বি টি চি পৰিষদীয় নিৰ্বাচনৰ বাবে শাসক-বিৰোধী দলৰ প্ৰচাৰ অভিযান তুংগত

■ বি টি চি পৰিষদীয় নিৰ্বাচনৰ দিন আনুষ্ঠানিকভাৱে ঘোষণা কৰা হোৱা নাই যদিও সম্প্রতি শাসক-বিৰোধী দলৰ প্ৰচাৰ অভিযান তুংগত উঠিছে। ইউ পি পি এলৰ সৈতে মিত্ৰতা বজাই ৰাখি বিজেপিয়ে পৰিষদীয় নির্বাচনত নিজা প্ৰাৰ্থী দিব বুলি ঘোষণা কৰাৰ পাছত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাকে ধৰি বিভিন্নজনে প্ৰচাৰ অভিযান অব্যাহত ৰাখিছে। হাগ্ৰামা মহিলাৰী নেতৃত্বাধীন বি পি এফে কালি ২২ টা পৰিষদীয় সমষ্টিৰ বাবে প্ৰাৰ্থীৰ তালিকা প্রকাশ কৰি নিৰ্বাচনক নতুন মাত্ৰা প্ৰদান কৰিছে। কোকৰাঝাৰৰ দেৱৰগাঁও সমষ্টিত হাগ্ৰামা মহিলাৰীয়ে নিজে প...

July 31, 2025 8:28 PM

views 24

বিটিচিৰ সমাগত সাধাৰণ নিৰ্বাচনৰ বাবে বিভিন্ন ৰাজনৈতিক দলসমূহৰ তৎপৰতা বৃদ্ধি

বড়োলেও স্বায়ত্ত শাসিত পৰিষদৰ সমাগত সাধাৰণ নিৰ্বাচনৰ বাবে বিভিন্ন ৰাজনৈতিক দলসমূহৰ তৎপৰতা বৃদ্ধি পাইছে। আজি ওদালগুৰি জিলাৰ ভেৰগাঁও মণ্ডলত আয়োজিত এখন দলীয় সাংগাঠনিক সভাত ৰাজ্যিক বিজেপিৰ নেতা আৰু বিধানসভা অধ্যক্ষ বিশ্বজিত দৈমাৰী, মন্ত্রী পীযুষ হাজৰিকাই অংশগ্ৰহণ কৰে। সভাত ভেৰগাঁও অঞ্চলৰ উন্নয়নমূলক প্ৰকল্পসমূহৰ স্বৰান্বিতকৰণ আৰু জনসাধাৰণ সহযোগিতাৰ আগবঢ়াব পৰা কাৰ্যপদ্ধতিসমূহৰ বিষয়ে আলোচনা কৰা হয়। এই নির্বাচনত মূলতঃ বিপিএফ, ইউ পি পি এল আৰু বিজেপিৰ সমান্তৰালকৈ নৱ শৰণীয়া নেতৃত্বাধীন গণ সুৰক্ষা পার্টিয়েও...

July 4, 2025 1:05 PM

views 26

অহা ছেপ্তেম্বৰত বি টি চি পৰিষদীয় চৰকাৰৰ সাধাৰণ নিৰ্বাচন

বি টি চি পৰিষদীয় চৰকাৰৰ সাধাৰণ নিৰ্বাচন ছেপ্তেম্বৰত অনুষ্ঠিত হ'ব আৰু বি টি চি পৰিষদীয় নির্বাচনত বিজেপিয়ে অকলে অৱতীৰ্ণ হ'ব বুলি মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই প্ৰকাশ কৰিছে। ওদালগুৰিত কেইবাখনো বৈঠকত অংশগ্ৰহণ কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে কালি এই কথা প্ৰকাশ কৰে। পাঁচদিনীয়া বি টি চি ভ্রমণসূচীৰ প্ৰথম পৰ্যায়ত মুখ্যমন্ত্রী ড° শৰ্মাই কালি ওদালগুৰি জিলাৰ আৱৰ্তভৱনত অনুষ্ঠিত এখন বৈঠকত বিভিন্ন কল্যাণকামী আঁচনিৰ কামকাজৰ অগ্ৰগতিৰ পৰ্যালোচনা কৰে। বৈঠকত ড° শৰ্মাই অৰুণোদয় আঁচনিৰ জৰিয়তে যাতে দুখীয়া জনসাধা...

May 26, 2025 12:29 PM

views 24

বিটিচিৰ সাধাৰণ নিৰ্বাচনৰ বাবে শাসক-বিৰোধীৰ নির্বাচনী তৎপৰতা

বিটিচিৰ সাধাৰণ নিৰ্বাচনৰ বাবে শাসক-বিৰোধী সকলো ৰাজনৈতিক দলেই নির্বাচনী তৎপৰতা আৰম্ভ কৰিছে। অহা ছেপ্তেম্বৰত হ'বলগীয়া এই নিৰ্বাচনৰ বাবে ভাৰতীয় জনতাপাৰ্টীয়ে কেবিনেট মন্ত্রী কৌশিক ৰায়ক চিৰাং জিলাৰ দায়িত্ব ন্যাস্ত কৰিছে। মন্ত্ৰীগৰাকীয়ে যোৱা দুদিনত জিলাখনৰ সাতটা পৰিষদীয় সমষ্টিত উপস্থিত হৈ দলৰ সাংগঠনিক ভেটি শক্তিশালী কৰাত গুৰুত্ব আৰোপ কৰে। এই সময়ছোৱাত তেওঁ দলীয় কৰ্মকৰ্তাৰ সৈতেও বিভিন্ন আলোচনাত মিলিত হয়। ইপিনে বাক্সা জিলাৰ বৰবৰীত কালি বি টি আৰৰ মুখ্য কাৰ্যবাহী সদস্য প্রমোদ বড়োৱে ইউ পি পি এলৰ ...