September 6, 2025 1:39 PM
22
বিটিচি নিৰ্বাচনৰ বাবে মনোনয়ন পত্র প্রত্যাহাৰৰ আজি অন্তিম দিন
বিটিচি নিৰ্বাচনৰ বাবে আজি মনোনয়ন পত্র প্রত্যাহাৰৰ অন্তিম দিন। বৰ্তমানলৈকে নিৰ্বাচনৰ বাবে ৪০টা সমষ্টিৰ ৩৮২ গৰাকী প্ৰাৰ্থীৰ মনোনয়ন পত্র বৈধ হিচাপে বিবেচিত হৈছে। ৰাজ্য চৰকাৰে বিটিচি নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত বিটিচিৰ অন্তৰ্গত পাঁচখন জিলা- কোকৰাঝাৰ, চিৰাং, বাক্সা, তামুলপুৰ আৰু ওডালগুৰি জিলাত অহা ২২ ছেপ্তেম্বৰৰ দিনটো নেগচিয়েবল ইনস্ট্রুমেণ্টচ এক্টৰ অধীনত বন্ধৰ দিন হিচাপে ঘোষণা কৰিছে। ইপিনে এই নিৰ্বাচনৰ বাবে ৰাজনৈতিক দলসমূহে দলীয় প্ৰাৰ্থীৰ সমৰ্থনত প্ৰচাৰ অভিযান অব্যাহত ৰাখিছে। বিটিআৰৰ অন্তৰ্গত জিলাকেই...